ডাষ্টবিন নাথাকিলে অনুজ্ঞাপত্ৰ নাপায় ব্যৱসায়িক প্ৰতিষ্ঠানে : মণিপুৰৰ মন্ত্ৰী

যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠানৰ নিজা ডাষ্টবিন নাই সেইবোৰলৈ অনুজ্ঞাপত্ৰৰ অনুমোদন নজনায় মণিপুৰ চৰকাৰে। এই নিয়ম কাৰ্য্যকৰী হ’ব অহা ২০১৮ চনৰ পৰা। এই কথা জনাইছে পৌৰ প্ৰশাসন, গৃহ আৰু নগৰ উন্নয়ন তথা নগৰ পৰিকল্পনা মন্ত্ৰী থৌনাওজাম শ্যামকুমাৰে।

‘সকলো পৌৰ এলেকাৰ সকলো বিপণিয়েই অনুজ্ঞাপত্ৰ যোগাৰ কৰাটো বাধ্যতামূলক। আৰু এইটোও বাধ্যতামূলক যে সকলো দোকানতে ডাষ্টবিন থাকিবই লাগিব।’ ‘শ্যামকুমাৰে কয়। অনুজ্ঞাপত্ৰ যোগাৰ কৰিবৰ বাবে ডাঙৰ শ্বপিং কমপ্লেক্সবোৰৰ পাৰ্কিংস্থান থকাটো বাধ্যতামূলক।’ তেওঁ কয়।

আজি মন্ত্ৰীজনে ইম্ফল হলত এছ পি গ্ৰুপ প্ৰাইভেট লিমিটেডৰ এটা প্ৰডাক্ট মুকলি তথা বঁটা বিতৰণ অনুষ্ঠানত ভাগ লৈ এই মন্তব্য কৰে।

উল্লেখযোগ্য যে ইম্ফল চহৰখনৰো কেন্দ্ৰীয় চৰকাৰৰ স্মাৰ্ট চিনি আঁচনিৰ ভিতৰত নাম আছে। আজিৰ ঘোষণাটোৰ ৩০ দিনৰ পূৰ্বে মন্ত্ৰী শ্যামকুমাৰে মণিপুৰৰ দোকানী, ঘৰৰ মালিক আদিয়ে কেনেকৈ আৱৰ্জনা নিষ্কাশন কৰিছে সেইটো চাবলৈ হঠাতে চহৰখন ভ্ৰমণ কৰিছিল। যোৱা নৱেম্বৰ ২৪ তাৰিখে কৰা সেই ভ্ৰমণৰ সময়ত শ্যামকুমাৰে বিভিন্নটা বজাৰ অঞ্চল ভ্ৰমণ কৰিছিল আৰু সকলোৰে পৰা ইম্ফল নগৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ সহযোগিতা বিচাৰিছিল। তেওঁ লগতে সকলোকে নামবুল নদী প্ৰদূষিত নকৰিবলৈ সকলোকে আহ্বান জনাইছিল।

আজিৰ অনুষ্ঠানটোত শিক্ষা তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী থকখম ৰাধেশ্যামো উপস্থিত আছিল। শ্ৰম আৰু নিয়োগ দপ্তৰৰ প্ৰধান সচিব পি কে সিং, প্ৰাক্তন মন্ত্ৰী ছোছো লোৰ্হো, এছ ব্ৰজগোপাল শৰ্মা, JNIMS চিকিৎসালয়ৰ অধ্যাপক চি এইচ্ছ মাংলেম সিং, ৰাজ্যিক পৰিকল্পনা বিভাগৰ প্ৰাক্তন সঞ্চালক কে মাংগি সিং আৰু এছ পি গ্ৰুপৰ পৰিচালন সঞ্চালক এছ প্ৰেছজ্যোতি শৰ্মাৰ লগতে অন্যান বিশিষ্ট অতিথি কাৰ্য্যসূচীটোত উপস্থিত আছিল।