NORTHEAST NOW (Assamese)

নিশা পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য; এইবাৰ ক’ত আছিল ইয়াৰ উৎপত্তিস্থল?

June 18, 2021 6:40 am · এন ই নাও নিউজ

যোৱা নিশা ২ বাজি ৪মিনিট আৰু ৪ছেকেণ্ডত পুনৰ ৰিখটাৰ স্কেলত ৪.১ মেগনিটিউডৰ এটা ভূমিকম্পই ৰাজ্যখন জোকাৰি যায়।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিয়ে এইকথা নিশ্চিত কৰিছে।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিৰ পৰা জানিব পৰা মতে ভূমিকম্পটোৰ গভীৰতা আছিল ভূগৰ্ভৰ ২২কিলোমিটাৰ গভীৰত।

ভূমিকম্পটোৰ উৎপত্তিস্থল মধ্য অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা ৩৬ কিলোমিটাৰ পশ্চিম উত্তৰ পশ্চিম দিশে আছিল।

নিশা মানুহে শুই থকাৰ মাজতে অহা ভূমিকম্পৰ জোকাৰণিয়ে বহুতকে শংকিত কৰি তোলে। গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলতো ভূমিকম্পটোৰ জোকাৰণি অনুভুত হয়।

ভূমিকম্পটোৰ ফলত কোনোধৰণৰ ক্ষয়ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।

উল্লেখ্য যে ৰাজ্যত বিগত কিছুদিনত কেইবাটাও ভূমিকম্পৰ জোকাৰণি অনুভুত হয়।

যোৱা ৩১ মে’ৰ ৰাতিপুৱা ৯-৫০ বজাত ৰিখটাৰ স্কেলত ৩.৮ মেগনিটিউডৰ এটা ভূমিকম্পই জোকাৰি গৈছিল।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিয়ে জানিবলৈ দিয়া মতে ভূমিকম্পটোৰ গভীৰতা আছিল ভূগৰ্ভৰ ২৪কিলোমিটাৰ গভীৰত আৰু ভূমিকম্পটোৰ উৎপত্তিস্থল তেজপুৰৰ পৰা ৪৪ কিলোমিটাৰ পশ্চিম দিশে আছিল।

সেইদৰে ৩০মে’ৰ বিয়লি ২.২৩ বজাতো এক মজলীয়া ভূমিকম্পই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল জোকাৰি গৈছিল।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিয়ে ভূমিকম্পটো ৰিখটাৰ স্কেলত ৪.১ মেগনিটিউডৰ আছিল বুলি জানিবলৈ দিছিল।

এই ভূমিকম্পটোৰ উৎপত্তিস্থলো মধ্য অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ ঢেকীয়াজুলিৰ পৰা ৮.৯ কিলোমিটাৰ পশ্চিম দিশে আছিল।

ভূমিকম্পটোৰ গভীৰতা আছিল ভূগৰ্ভৰ ১৬ কিলোমিটাৰ গভীৰত।

Related News