ক্ৰমাগত পাঁচ দিনত পাঁচটা ভূমিকম্পৰ জোকাৰণি মিজোৰামত

ফাইল ফটো

ক্ৰমাগতভাৱে পাঁচটা দিনত পাঁচটা সৰু-বৰ ভূমিকম্পই জোকাৰি গৈছে উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্য মিজোৰামক।

বৃহস্পতি বাৰে এটা ৪.৫ প্ৰাবল্যৰ ভূমিকম্পই পুনৰ ৰাজ্যখনত জোকাৰি জোৱাৰ ফলত জনসাধাৰণৰ মনত আতংকৰ সৃষ্টি হৈছে।

বৃহস্পতিবাৰে জোকাৰণি অনুভূত হোৱা ৪.৫ প্ৰাবল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল চাম্ফাই জিলা।

বুধবাৰে এটা ভূমিকম্পই চাম্ফাই জিলাক জোকাৰি গৈছিল।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই জাৰি কৰা তথ্য অনুসৰি বৃহস্পতিবাৰৰ ভূমিকম্পটো ভূগৰ্ভৰ ১৩৬ কিলোমিটাৰ গভীৰতাত সৃষ্টি হৈছিল।

২২ জুনত ৫.৩ প্ৰাবল্যৰ এটা মধ্যমীয়া ভূমিকম্পই মিজোৰামক জোকাৰি গৈছিল।

উক্ত ভূমিকম্পটোৰ ফলত আইজলকে ধৰি চাম্ফাই জিলাৰ বিভিন্ন স্থানত ৰাজহুৱা আৰু ব্যক্তিগত সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হৈছিল।

চাম্ফাই জিলাত ভূমিকম্পটোৰ ফলত ভালেমান ঘৰ-দুৱাৰত ফাঁট মেলাৰ লগতে গীৰ্জাকে ধৰি বিভিন্ন ৰাজহুৱা স্থানৰ বিস্তৰ ক্ষতি সাধন হৈছিল।