৪ কোটি টকাৰ কেলেংকাৰী :  মন্ত্ৰী যোগেন মহনৰ দুই ব্যক্তিগত সহায়কক আটক আৰক্ষীৰ

শেহতীয়াকৈ ৪ কোটি টকাৰ এক বিশাল কেলেংকাৰীৰ লগত জড়িত হোৱাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিজেপি নেতা অসীম কুমাৰ দাস আৰু বিৰিঞ্চি বৰকটকী নামৰ এজন চৰকাৰী বিষয়াক।

ইয়াৰ পিছতে শনিবাৰে আৰক্ষীৰ অপৰাধ শাখাই এই কেলেংকাৰীৰ লগত নাম সাঙোৰ খোৱা আন দুজন লোকক আটক কৰে।  

জানিব পৰা মতে, শনিবাৰে আৰক্ষীয়ে আটক কৰা ব্যক্তি দুজন কেবিনেট মন্ত্ৰী যোগেন মহনৰ ব্যক্তিগত সহায়ক মনমথ দাস আৰু প্ৰফুল্ল ডেকা।

অভিযোগ অনুসৰি, মনমথ দাস আৰু প্ৰফুল্ল ডেকাই প্ৰৱঞ্চক অসীম কুমাৰ দাসক দিছপুৰ জনতা ভৱনত প্ৰৱেশ কৰিবলৈ ‘গেট পাছ’ প্ৰদান কৰিছিল। এই ‘গেট পাছ’ প্ৰদানৰ বাবে প্ৰতিবাৰে ৫০০ৰ পৰা ১০০০ টকা উৎকোচ লৈছিল মনমথ আৰু প্ৰফুল্লই।

কেৱ্ল এয়াই নহয়, যোগেন মহনৰ এই দুই কৰ্মচাৰীয়ে মন্ত্ৰীৰ ছীলৰ লগতে, মন্ত্ৰীৰ কনফাৰেন্স হল কেতিয়া খালী থাকে আৰু মন্ত্ৰী কেতিয়া উপস্থিত নাথাকে সেই তথ্যও অসীম কুমাৰ দাসক যোগান ধৰিছিল।

প্ৰাপ্ত তথ্য অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহত মনমথে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও মন্ত্ৰীগৰাকীৰ পৰামৰ্শ মতে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল।

ইফালে, ক্ৰাইম ব্ৰাঞ্চে মনমথ আৰু প্ৰফুল্ল দুয়োকে তিনিদিনৰ জিম্মাৰ বাবে অনুৰোধ জনাইছে আৰক্ষীয়ে।

লগতে পঢ়কঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ বৰঘৰতেই দুৰ্নীতি : মন্ত্ৰী যোগেন মহন আৰু সঞ্জয় কিষানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী আপৰ