NORTHEAST NOW (Assamese)

ঝাৰখণ্ডত অস্ত্ৰ-বাৰুদসহ চাৰি নক্সালবাদী উগ্ৰপন্থীক গ্ৰেপ্তাৰ আৰক্ষীৰ

November 2, 2020 3:53 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফ'টো

ঝাৰখণ্ডত ৪ নক্সাল উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

পিপলছ লিবাৰেশ্যন ফ্ৰণ্ট অৱ ইণ্ডিয়া(PLFI)ৰ নামৰ নিষিদ্ধ ঘোষিত নক্সালবাদী সংগঠনটোৰ ৪ উগ্ৰপন্থীক ঝাৰখণ্ডৰ চিমদেগা জিলাৰ পৰা অস্ত্ৰ আৰু গোলা-বাৰুদসহ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জিলাখনৰ আৰক্ষী অধীক্ষক শামছ টাব্ৰেজে সংবাদ মধ্যমক জনোৱা অনুসৰি সোমবাৰে জিলাখনৰ বানু আৰক্ষী থানাৰ অন্তৰ্গত কানাৰ’ৱান অৰণ্যত আৰক্ষীয়ে অভিযান চলাই উক্ত ৪ নক্সাল উগ্ৰপন্থীক কৰায়ত্ত কৰাৰ লগতে অস্ত্ৰসহ গোলা-বাৰুদসমূহ জব্দ কৰিবলৈ সক্ষম হয়।

“অভিযানকাৰী আৰক্ষী দলক প্ৰত্যক্ষ কৰি উগ্ৰপন্থীৰ দলটোৱে পলাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ জোৱানসকলে খেদি খেদি ৪ নক্সালবাদীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।” জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে কয়।

আৰক্ষীয়ে দলটোৰ পৰা দেশত নিৰ্মিত এটা ৰাইফলৰ লগতে আঠটা কাৰ্টজ জব্দ কৰা বুলি জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে।

Related News