ডিমাপুৰত চাৰিগৰাকী এন এছ চি এন (আই এম) কেডাৰ আটক

ডিমাপুৰ জিলাৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন এছ য়ু ভি বাহন হাইজেক কৰিবলৈ চেষ্টা কৰাৰ সময়তে চাৰিগৰাকী এন এছ চি এন(আই এম) কেডাৰক আটক কৰা হয়।

শনিবাৰে ঘটনা সন্দৰ্ভত ডিমাপুৰ আৰক্ষীয়ে এখন প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে।

আৰক্ষীয়ে এন এছ চি এন(আই এম) কেডাৰ সকলে ব্যৱহাৰ কৰা এখন মাৰুতি বাহনো জব্দ কৰিবলৈ সক্ষম হয়।

আটক হোৱা কেডাৰ কেইগৰাকী ৪৫ বছৰীয়া কে এছ য়েৰেংগাম, ৪০ বছৰীয়া হোভিছে য়েপথো, ৪১ বছৰীয়া চচিমাচুং আৰু ১৯ বছৰীয়া কোৰিংগাথা বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে মেদজিফেমা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰা হৈছে।

আন এটা ঘটনাত, ডিমাপুৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে ৩৪ বছৰীয়া উইজডম য়ুৰুংগিং নামৰ এগৰাকী ব্যক্তিক নিষিদ্ধ দ্ৰব্য সহ আটক কৰে।

ডিমাপুৰ আৰক্ষীয়ে অঞ্চলটোত ইতিমধ্যে নিষিদ্ধ ড্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।