মাৰ্ঘেৰিটাত বাছ আৰু মিনি ট্ৰাকৰ মুখামুখী সংঘৰ্ষ, প্ৰায় ৪০ জন লোক আহত, উদণ্ড চালকক নাকী লগোৱাত ব্যৰ্থ পৰিবহণ বিভাগ !
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মাকুমপথাৰ কিটি প্লাই মিলৰ সমীপৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত বাছ আৰু মিনি ট্ৰাকৰ মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়।
বুধবাৰে দিনৰ প্ৰায় ১২.০৩ বজাত এই ঘটনা সংঘটিত হয়।
এএছ ০৬ বিচি ২১৪২ নম্বৰৰ প্ৰিশা নামৰ বাছখন ডিব্ৰুগড়ৰ পৰা জাগুনলৈ গৈ আছিল । অন্যহাতে এছ ২৩ এচি ৬৭৬৬ নম্বৰৰ মিনি ট্ৰাকখন পাৱৈ অভিমুখে গৈ আছিল।
এই মুখামুখী সংঘৰ্ষৰ ফলত বাছখনৰ প্ৰায় ৪০ গৰাকী যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। এইসকলৰ ভিতৰত কেইবাগৰাকীৰো আঘাত গুৰুতৰ বুলি জনা গৈছে । লগতে ট্ৰাকখনৰ ড্ৰাইভাৰ – হেণ্ডিমেনো আঘাতপ্ৰাপ্ত হৈছে।
আহত সকলক ততাতৈয়াকৈ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ তাৎক্ষণিকভাৱে নিয়া হয়। বাছ চালকৰ গাফিলতিত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ স্থানীয় প্ৰত্যক্ষদৰ্শীৰ ।
ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ বাছ আৰু ট্ৰাকখন জব্দ কৰি থানালৈ লৈ যায়। একাংশ চালকৰ গাফিলতিৰ বাবেই প্ৰতিদিনে এনে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ বিপৰীতে পৰিবহণ বিভাগে উদণ্ড চালকক নাকী লগোৱাত চূড়ান্তভাবে ব্যৰ্থ হৈছে বুলি অভিযোগ উঠিছে। এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক কঠোৰ হবলৈ আহ্বান জনাইছে সচেতন ৰাইজে।