NORTHEAST NOW (Assamese)

কোকৰাঝাৰত বি পি এফৰ ৪২জন কৰ্মীৰ দলত্যাগ; চামিল হ’ল য়ু পি পি এলত

April 10, 2019 10:08 pm · ৰিনয় বসুমতাৰী
ফটো : নৰ্থ-ইষ্ট নাও

নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে সঘনাই পট পৰিৱৰ্তন হ’বলৈ ধৰিছে অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সংসদীয় সমষ্টি কোকৰাঝাৰৰ ৰাজনীতি। সমষ্টিটোৰ বি পি এফ দলৰ ৪২ গৰাকী সদস্য তথা কৰ্মীয়ে দলত্যাগ কৰি আজি ৰাজহুৱাভাৱে য়ু পি পি এলত যোগদান কৰে।

বি পি এফ দলৰ প্ৰতি মুকলি বিষোদগাৰ প্ৰকাশ কৰি উক্ত নেতা-কৰ্মীসকলে বি টি এ ডিৰ অন্যতম শক্তিশালী ৰাজনৈতিক দল য়ু পি পি এলত চামিল হয়।

কোকৰাঝাৰৰ বড়ো আধাবাৰীত আয়োজিত এক যোগদান কাৰ্যসূচীত য়ু পি পি এলৰ উপ সভাপতি প্ৰতিভা ব্ৰহ্ম, য়ুনাইটেড মুছলিম মাইন’ৰিটি কাউন্সিল (য়ু এম এম চি)ৰ অধ্যক্ষ ম. য়ুছুফ আলী আৰু দলটোৰ বহুতো শীৰ্ষ পৰ্যায়ৰ নেতাৰ উপস্থিতিত বি পি এফৰ কৰ্মীসকলে যোগদান কৰে।

উল্লেখ্য যে কোকৰাঝাৰ সমষ্টিত এতিয়া ব্যাপক ৰূপত চলিছে প্ৰচাৰ অভিযান। প্ৰত্যেক গৰাকী প্ৰাৰ্থীয়ে জনসভাৰ লগতে বিশাল ৰেলী আয়োজন কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰাত ব্যস্ত হৈ পৰিছে। কোনোবাই যদি কোকৰাঝাৰৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে কোনোবাই আকৌ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা ৰচিছে।

উল্লেখ্য যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া কোকৰাঝাৰ সমষ্টিত অহা ২৩ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Related News