• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেৰুত প্ৰতিবাদৰ জুই : গণ আন্দোলনত নিহত ৪২ গৰাকী লোক

ৰাষ্ট্ৰপতি বোলাৰ্টে হৈছে বাওঁপন্থী দলৰ সদস্য। শুকুৰবাৰে দিয়া এক সাক্ষাৎকাৰত বোলাৰ্টে কয় যে কিছুমান হিংসাত্মক, মৌলবাদী লোকে মোৰ পদত্যাগ বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2023 10:58 am
102
VIEWS
Share on FacebookShare on Twitter

প্ৰতিবাদৰ অগ্নিৰে উত্তাল পৰিছে লেতিন আমেৰিকান দেশ পেৰু। ৰাষ্ট্ৰপতি ডিনা বোলাৰ্টেৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চলি আহিছে পেৰুৰ জনগণৰ সংগ্ৰাম। এই প্ৰতিবাদত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ৪২ জন লোকে।

প্ৰতিবাদ ইমানেই তীব্ৰ হৈ উঠিছে যে ৰাজধানী লিমাকে ধৰি পেৰুৰ কেইবাখনো চহৰত আজি জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। অহা ৩০ দিনৰ বাবে জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা। সাধাৰণ মানুহৰ চলাচল, একে ঠাইতে গোট খোৱা আদি কথাবোৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

উল্লেখ্য যে ডিচেম্বৰৰ আৰম্ভণিতে পেৰুত এক চৰকাৰ বিৰোধী গণ আন্দোলন আৰম্ভ হয়। এই সময়ছোৱাত একাধিক দুৰ্নীতিৰ অভিযোগৰ বাবে তেতিয়াৰ ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টিলোক ক্ষমতাৰ পৰা অপসাৰণ কৰা হয়। সম্প্ৰতি তেওঁ  আইনৰ জিম্মাত আছে।

কাষ্টিলোক ক্ষমতাচ্যুত কৰাৰ পিছত পেৰুত ডিনা বোলাৰ্টেক নতুনকৈ ৰাষ্ট্ৰপতিৰ পদত অধিস্থিত কৰা হয়। ইয়াৰ পিছৰে পৰা কাষ্টিলোৰ সমৰ্থকসকলে নতুন ভোটদান আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি ডিনা বোলাৰ্টেক অপসাৰণৰ দাবী জনাই প্ৰতিবাদ গঢ়ি তুলিছে।

ৰাষ্ট্ৰপতি বোলাৰ্টে হৈছে বাওঁপন্থী দলৰ সদস্য। শুকুৰবাৰে দিয়া এক সাক্ষাৎকাৰত বোলাৰ্টে কয় যে কিছুমান হিংসাত্মক, মৌলবাদী লোকে মোৰ পদত্যাগ বিচাৰিছে। সাধাৰণ মানুহক ক্ষুব্ধ কৰি তুলিছে। সমগ্ৰ দেশতে চলিছে বিশৃংখলতা আৰু ধ্বংসলীলা।  তেওঁলোকে দাবী কৰিলে বুলিয়েই মই পদত্যাগ নকৰো। পেৰুৰ প্ৰতি মোৰ এক বৃহৎ দায়িত্ব আছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে প্ৰতিবাদ ইমানেই হিংসাত্মক হৈ পৰিছে যে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ৪২ জন লোকৰ মৃত্যু হৈছে। প্ৰতিবাদকাৰীয়ে গাড়ীসহ জীৱন্তে আৰক্ষীক জ্বলাই দিয়াৰো খবৰ প্ৰকাশ হৈছে।

বোলাৰ্টে কয় যে প্ৰতিবাদকাৰীৰ দাবী অনুসৰি সংবিধান বিধান গঠন কৰা নহয়। তেওঁৰ মতে চুবুৰীয়া দেশ চিলিয়ে নতুন সংবিধান সৃষ্টি কৰাৰ সময়ত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। গতিকে আমি তেনেকুৱা অসুবিধা নিবিচাৰোঁ।

মন কৰিবলগীয়া যে শেহতীয়াকৈ পেৰুৰ ৰাজনৈতিক পৰিস্থিতি অতি অশান্ত হৈ পৰিছে। যোৱা পাঁচ বছৰৰ ভিতৰত বোলাৰ্টে হৈছে পেৰুৰ ষষ্ঠজন ৰাষ্ট্ৰপতি।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd