দেশত ক’ৰ’নাৰ দ্বিতীয়টো ঢৌত ৰোগীৰ প্ৰাণ বচাবলৈ গৈ প্ৰাণ আহুতি দিছে ৪২০ গৰাকী চিকিৎসকে

doctor-750x375

ঘাতক কোভিডৰ পৰা দেশৰ লাখ লাখ ৰোগীক বচোৱাৰ বাবে দিনে-নিশাই শ্ৰম কৰি থকা চিকিৎসক সকলেও এতিয়া সাৰি যাব পৰা নাই কোভিডৰ কৰাল গ্ৰাসৰ পৰা।

দেশত এতিয়ালৈকে কোভিড যুদ্ধত অক্লান্ত ভাবে লাগি থকা কোভিডত আক্ৰান্ত হৈয়েই মৃত্যু ঘটিছে বহু চিকিৎসকৰ।

কালান্তক ভাইৰাছ ক’ৰ’নাই দেশত দ্বিতীয়বাৰৰ বাবে সংহাৰৰ সৃষ্টি কৰিছে ।

কাল ক’ৰ’নাৰ দ্বিতীয়টো ঢৌত শনিবাৰ অৰ্থাৎ আজিৰ দিনটোলৈকে দেশত মৃত্যু ঘটিছে ৪২০ গৰাকী চিকিৎসকৰ।আজি ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে এই তথ্য সদৰী কৰিছে। কোভিডৰ দ্বতীয়টো ঢৌত সৰ্বাধিক সংখ্যক চিকিৎসকৰ মৃত্যু ঘটিছে দিল্লীত।

শনিবাৰলৈকে দিল্লীত মৃত্যু ঘটা চিকিৎসকৰ সংখ্যা হৈছে ১০০ গৰাকী। দিল্লীৰ পিছতে থকা ৰাজ্য খন হৈছে বিহাৰ। বিহাৰত কোভিড আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰিবলৈ গৈ মৃত্যু ঘটা চিকিৎসকৰ সংখ্যা হৈছে ৯৬ গৰাকী।

একেদৰে চিকিৎসকৰ মৃত্যুৰ ক্ষেত্ৰত তৃতীয় স্থানত থকা ৰাজ্য উত্তৰ প্ৰদেশত মৃত্যু ঘটিছে ৪১ গৰাকী চিকিৎসকৰ। বিগত সপ্তাহৰ প্ৰথম ভাগতে দেশত ২৭০ গৰাকী চিকিৎসকে চিকিৎসা সেৱাৰ মহান বৃত্তি পালন কৰিবলৈ গৈ মৃত্যুক সাৱটি লৈছে।

ক’ৰ’নাৰ দ্বিতীয়টো ঢৌত মৃত্যু ঘটা চিকিৎসকসকলৰ ভিতৰত অধিক সংখ্যকেই কম বয়সৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য কোভিডৰ প্ৰথমটো ঢৌত বিগত বৰ্ষৰ অক্টোৱৰ মাহলৈকে মৃত্যু ঘটিছিল ৫১৫ গৰাকী চিকিৎসকৰ ।

এই তথ্য প্ৰকাশ কৰিছে ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে।

সংস্থাটোৰ সভাপতি ডাঃ ৰাজন শৰ্মাই প্ৰকাশ কৰা মতে মৃত্যু ঘটা চিকিৎসক সকলৰ ভিতৰৰে প্ৰায় আধা সংখ্যকৰ ক্ষেত্ৰত চৰকাৰে বিধি অনুসৰি ক্ষতিপূৰণ আদায়ৰ ব্যৱস্থা কৰিছে।

বাকী সকলৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী।

ডাঃ শৰ্মাই প্ৰকাশ কৰে যে কোভিডৰ প্ৰথমটো ঢৌত মৃত্যু ঘটা চিকিৎসকসকলৰ ভিতৰত ২০১ গৰাকীৰ বয়স ৬০-৭০ বছৰৰ ভিতৰত, ১৭১ গৰাকী চিকিৎসকৰ বয়স ৫০-৬০ বছৰৰ ভিতৰত, ৬৬ গৰাকী চিকিৎসকৰ বয়স ৭০ বছৰৰ ওপৰৰ, ৫৯ গৰাকী চিকিৎসকৰ বয়স ৩৫-৫০ৰ ভিতৰত ।

তেওঁ লগতে কয় যে ১৮ গৰাকী চিকিৎসকৰ বয়স হৈছিল মাত্ৰ ৩৫ বছৰ।

উল্লেখ্য কোভিডৰ প্ৰথমটো ঢৌত মৃত্যু ঘটা চিকিৎসকসকলৰ ভিতৰৰে ২৪২ গৰাকী চিকিৎসকৰ মৃত্যুৰ পিছতে চৰকাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ অধীনত ৫০ লাখ টকাৰ  ক্ষতিপূৰণ আগবঢ়াইছে।