হৃদয় বিদাৰকঃ দক্ষিণ আফ্ৰিকাত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ, ৪৫ জনৰ মৃত্যু

bus accident in South Africa

দক্ষিণ আফ্ৰিকাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত মৃত্যু হৈছে ৪৫ জনকৈ লোকৰ।

দেশখনৰ পৰিবহণ বিভাগে সদৰী কৰা মতে, লিম্পোপোৰ মামাটলাকালাৰ সমীপত সংঘটিত হৈছে এই বাছ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন গুৰুতৰভাৱে আহত হয় বুলিও কৰ্তৃপক্ষই সদৰী কৰিছে।

বিবৃতিটোত উল্লেখ কৰা মতে বাছ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মৰাৰ পিছত বাছখনে দলঙৰ ওপৰেৰে গৈ তললৈ বাগৰি পৰে।

মুহূৰ্ততে বাছখন জুইয়ে আগুৰি ধৰে। দুৰ্ঘটনাগ্ৰস্ত বাছখনে বটছৱানাৰ পৰা লিম্পোপ’ৰ মৰিয়া চহৰলৈ যাত্ৰী কঢ়িয়াই আনিছিল বুলি লগতে প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।

লিম্পোপ’ৰ পৰিবহণ বিভাগে এক পৃথক বিবৃতিত সদৰী কৰা মতে বৃহস্পতিবাৰে নিশালৈকে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছিল।

বহু মৃতদেহ চিনাক্তকৰণৰ পূৰ্বেই সম্পূৰ্ণৰূপে জুইত জাহ যোৱা বুলি লিম্পোপ’ৰ পৰিবহণ বিভাগে বিবৃতিটোত প্ৰকাশ কৰিছে।