শেহতীয়াকৈ অসম চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত (NGT) দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি ৰাজ্যত এখন বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাষৰীয়া সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কেইবাখনো বিদ্যালয়, পাঁচ কিলোমিটাৰ দৈৰ্ঘৰ এটা পথ, চাহ বাগিচা, কুঁৱা আৰু ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণ কৰা দেখা গৈছে।
শেহতীয়াকৈ এন জি টিয়ে দিয়া এটা নিৰ্দেশত অসমৰ মুখ্য সচিবক বন (সংৰক্ষণ) আইন, ১৯৮০ৰ গুৰুতৰ উলংঘা কৰি ইমান ব্যাপক নিৰ্মাণৰ অনুমতি দিয়া বিষয়াসকলৰ সবিশেষ দি শপতনামা দাখিল কৰিবলৈ কোৱা হৈছিল।
২ মে’ত ন্যায়িক সদস্য ন্যায়াধীশ বি অমিত স্থেলেকাৰ আৰু বিশেষজ্ঞ সদস্য অৰুণ কুমাৰ ভাৰ্মাই দিয়া নিৰ্দেশনাটোত লগতে কোৱা হৈছেল, “২০১৭ চনৰ পৰা এনে অবৈধ কাৰ্যকলাপ চলাবলৈ দিয়া প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ)ৰ নিষ্ক্ৰিয়তাৰ বিষয়েও শপতনামাত ব্যাখ্যা কৰিব লাগিব।’
এন জি টিয়ে উল্লেখ কৰা গোচৰটো হৈছে অসমৰ শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনাঞ্চলত চৰকাৰে আৰু আনৰ অবৈধ বেদখলত বৃহৎ পৰিসৰত নিৰ্মাণেৰে বন (সংৰক্ষণ) আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি যোৱা বছৰ দিলীপ নাথে ন্যায়াধিকৰণত দাখিল কৰা আবেদন।
লগতে পঢ়কঃ হায়দৰাবাদৰ হাতত পৰাস্ত; খেলপথাৰতে খঙত অধিনায়ক ৰাহুলৰ সন্মুখত অসন্তুষ্টি প্ৰকাশ লক্ষ্ণৌৰ মালিকৰ
যোৱা মাহত অসম চৰকাৰে শপতনামা দাখিল কৰি কয় যে এছ আৰ ডব্লিউ এছ আৰু চৰদুৱাৰ সংৰক্ষিত বনাঞ্চল (চি আৰ এফ)ৰ ভিতৰত কেইবাখনো বিদ্যালয় আৰু বনাঞ্চল বিৰোধী কাম-কাজ চলি আছে।
তদুপৰি, উল্লেখ কৰা হৈছে যে এই বিদ্যালয়সমূহৰ পৰিচালনা সমিতিসমূহৰ বিৰুদ্ধে প্ৰথম তথ্য প্ৰতিবেদন (FIR) স্থানীয় বন কৰ্তৃপক্ষই পঞ্জীয়ন কৰিছে।
শপতনামাত আৰু কোৱা হৈছে যে ৰাজ্যৰ জলসিঞ্চন বিভাগে চি আৰ এফৰ ভিতৰত চিলনী নদীত নিয়ম উলংঘা কৰি এখন শ্লুইচ গেট নিৰ্মাণ কৰিছিল। তদুপৰি, এজন ব্যক্তিয়ে আনকি একেখন সংৰক্ষিত বনাঞ্চলৰ ভিতৰতে এখন চাহ বাগিচাও আৰম্ভ কৰিছিল।
ইয়াৰ উপৰিও এজন ঠিকাদাৰে বন্যপ্ৰাণী (সুৰক্ষা) আইন আৰু বন (সংৰক্ষণ) আইন উলংঘা কৰি এছ আৰ ডব্লিউ এছৰ ভিতৰত পাঁচ কিলোমিটাৰ দীঘল পথ নিৰ্মাণ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে এফ আই আৰ পঞ্জীয়ন কৰা হৈছে।
এন জি টিয়ে পূৰ্বে উল্লেখ কৰিছিল যে “শপতনামা দাখিল কৰা ভালদৰে জনা যুটীয়া সচিবগৰাকীয়ে ইয়াক ভাঙি পেলোৱা হৈছে নে নাই সেই বিষয়ে উল্লেখ কৰা নাই।”
লগতে পঢ়কঃ AHSEC HS Resiult 2024: ফলাফল ওলাল, বিসংগতি নাতৰিল; তথ্য বিভ্ৰাট নে ডিজিটেলৰ ভুত!
এতিয়া ন্যায়াধিকৰণে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ক অবৈধ নিৰ্মাণৰ অনুমতি দিয়া বিষয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা আৰু সেইবোৰ আঁতৰোৱাৰ পদক্ষেপৰ কথা উল্লেখ কৰি অহা চাৰি সপ্তাহৰ ভিতৰত প্ৰত্যুত্তৰ দি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
শেহতীয়াকৈ অসম-নগালেণ্ড সীমান্তৰ শিৱসাগৰ জিলাত বনভূমিৰ অন্য কামলৈ পৰিৱৰ্তনৰ অভিযোগ সন্দৰ্ভত অসম চৰকাৰৰ পৰা পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এক প্ৰতিবেদন বিচাৰিছে।
২০২৪ চনৰ ২৫ এপ্ৰিল তাৰিখে অসমৰ অতিৰিক্ত মুখ্য সচিব (বন)লৈ প্ৰেৰণ কৰা এখন পত্ৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন বিভাগৰ সহকাৰী মহাপৰিদৰ্শক সুনীত ভৰদ্বাজে গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত শিৱসাগৰ জিলাত কমাণ্ডো বেটেলিয়ন শিবিৰ স্থাপনৰ বাবে ২৮ হেক্টৰ মাটি অবৈধভাৱে আৱন্টনৰ অভিযোগ সন্দৰ্ভত বিশদ তথ্যসমৃদ্ধ প্ৰতিবেদন বিচাৰিছে।
মন্ত্ৰালয়ে শ্বিলংস্থিত মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয় আৰু গুৱাহাটীস্থিত শাখা-কাৰ্যালয় দুয়োটাকে অসম চৰকাৰৰ সৈতে সমন্বয় সাধন কৰি অতি সোনকালে মন্তব্যৰ সৈতে প্ৰয়োজনীয় তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।