বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ ভাৰতত গুগলে ৪ শতাধিক কৰ্মচাৰী চাটাই আৰু টুইটাৰে বন্ধ কৰিছে মুম্বাই আৰু দিল্লীৰ কাৰ্যালয়। প্ৰকাশিত বাতৰি অনুসৰি বিশ্বজুৰি প্ৰায় ১২ হাজাৰ কৰ্মচাৰী থকা গুগলে ভাৰতত ৪৫৩ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।
গুগলৰ এজন প্ৰাক্তন কৰ্মচাৰীয়ে কয় যে কোম্পানীটোত নিজৰ সাধ্য অনুসৰি কাম কৰি কঠোৰ পৰিশ্ৰমৰ বাবে স্পট বোনাছ পোৱাৰ পিছতো তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে প্ৰতিষ্ঠানটোৱে। গুৰুগ্ৰামৰ লোকজনে ১৭ ফেব্ৰুৱাৰীত লিংকডইনত এটা পোষ্টত এই কথা শ্বেয়াৰ কৰিছিল।
গুগল ইণ্ডিয়াৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰ ডেভেলপমেণ্ট মেনেজাৰ হিচাপে কাম কৰা লোকজনৰ সৈতে গুগলে বৃহস্পতিবাৰে নিশা চাকৰিৰ পৰা মুঠ ৪৫৩ জন কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। কৰ্মচাৰীজনে প্ৰকাশ কৰা মতে গুগলে বৰ্খাস্ত কৰাৰ পূৰ্বে কৰ্মচাৰীসকলক এই বিষয়ে কোনো কথা অৱগত কৰা নাছিল। বৃহস্পতিবাৰে গুগল ইণ্ডিয়াৰ উপ-সভাপতি তথা দেশৰ মুৰব্বী সঞ্জয় গুপ্তাই নিশা কৰ্মচাৰীসকলৈ হঠাতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা বুলি এক মেইল কৰে।
ইফালে টুইটাৰেও ভাৰতস্থিত দুটাকৈ প্ৰধান কাৰ্যালয় বন্ধ কৰিছে। প্ৰতিষ্ঠানটোৱে দিল্লী আৰু মুম্বাইৰ কাৰ্যালয় দুটা বন্ধ কৰা বুলি ঘোষণা কৰিছে।
টুইটাৰ ইনকৰ্পৰেশ্যনে ভাৰতৰ তিনিটা কাৰ্যালয়ৰ ভিতৰত দুটা কাৰ্যালয় বন্ধ কৰি নিজৰ কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিছে। এলন মাস্কে প্ৰতিষ্ঠানটো অধিগ্ৰহণ কৰাৰ পাছৰে পৰা ব্যয় সংকোচন কৰিবলৈ কেবাহাজাৰো কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। ভাৰতৰো দুটা কাৰ্যালয় বন্ধ কৰাটো ব্যয় সংকোচনেৰে এক অংশ বুলি প্ৰকাশ পাইছে।
উল্লেখ্য যে যোৱা বছৰৰ শেষৰ ফালে টুইটাৰে ভাৰতত থকা প্ৰায় ২০০ৰো অধিক অৰ্থাৎ ৯০%তকৈ অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। টুইটাৰে ৰাজনৈতিক কেন্দ্ৰ নতুন দিল্লী আৰু বিত্তীয় কেন্দ্ৰ মুম্বাইত থকা কাৰ্যালয় বন্ধ কৰি দিয়াৰ পাছতে এতিয়া ভাৰতত একমাত্ৰ বাংগালুৰু কাৰ্যালয়টোহে কাৰ্যক্ষম হৈ থাকিব।