NORTHEAST NOW (Assamese)

ৰাজ্যত ক’ৰ’ণা আক্ৰান্তই ২০০০ অতিক্ৰম কৰিলেও আছে এক ভাল খবৰ

June 4, 2020 11:25 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যত অপ্ৰতিৰোধ্য ণাৰ সংক্ৰমণ। আজিৰ দিনটোত ৰাজ্যত মুঠ ণা আক্ৰান্তৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিলেও আহিছে এক ভাল খবৰ।

আজিৰ দিনটোত বৰ্তমানলৈকে ৪৬ গৰাকী লোক ণামুক্ত হৈছে।

এই মুহূৰ্তত ৰাজ্যত মুঠ ১৭ গৰাকী লোক ণামুক্ত হৈছে।

ধেমাজি জিলা চিকিৎসালয়ৰ পৰা দুগৰাকী আৰু সোণাপুৰ জিলা অসামৰিক চিকিৎসালয়ৰ পৰা ১৫ গৰাকী ৰোগীক ঘৰলৈ যাব দিয়া হৈছে।

মুক্তি দিয়াসকলক দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূৰ্বে ৰাজ্যত ২৯ গৰাকী লোক ণামুক্ত হৈছিল।

সেই সময়ত MMCH পৰা ১৪ গৰাকী, বৰপেটাৰ FAAMCH পৰা গৰাকী, SMCH পৰা গৰাকী, গোলাঘাট জিলা অসামৰিক চিকিৎসালয়ৰ পৰা গৰাকী, GMCH পৰা এগৰাকী আৰু ধেমাজি জিলা চিকিৎসালয়ৰ পৰা দুগৰাকীক যাবলৈ দিয়া হৈছিল।

ৰাজ্যত মুঠ ণামুক্ত হৈছে ৪৫৯ গৰাকী লোক। ১৬০৭ গৰাকী লোক বৰ্তমানো চিকিৎসাধীন হৈ আছে।

যোৱা জুনত মুঠ ৯৯ গৰাকী লোকক মুক্তি দিয়া হৈছিল ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা।

যোৱা ৩১ মে দিনা ২২ গৰাকী ৰোগী ণামুক্ত হৈ ঘৰলৈ উভটিছিল।

যোৱা ৩০ মে   ৩৮ গৰাকী লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৯ মেত মুঠ ২৮ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৮ মে ১৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৭ মেত ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৩ মে দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCH পৰা মুক্তি দিয়া হৈছিল।  তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCH পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে GMCH কণিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ২৪৩ গৰাকী লোক এই কোভিড১৯+ আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ২০৭৩ লৈ বৃদ্ধি পোৱাত সকলো আতংকিত হৈ আছে  যদিও আজিৰ দিনটোত ৪৬ গৰাকীকৈ ৰোগী ণামুক্ত হোৱাটোৱে জনসাধাৰণলৈ কিছু পৰিমানে সুখৰ বাৰ্তা কঢ়িয়াই আনিছে।

Related News