NORTHEAST NOW (Assamese)

মাজুলীত ৪৬ তম অসম ৰাজ্যিক আন্তঃজিলা দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত

December 20, 2018 7:08 pm · মিটু খাটনিয়াৰ  

মাজুলী জিলা শৰীৰ চৰ্চা সন্থাৰ উদ্যোগত আৰু অসম শৰীৰ চৰ্চা আৰু ফিটনেছ সন্থাৰ উদ্যোগত মাজুলী কমলাবাৰী ক্ৰীড়া প্ৰকল্পত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৪৬ তম্ সদৌ অসম দেহশ্ৰী প্ৰতিযোগিতা। বৰ্তমান সময়ত বিশ্বজুৰি বহুল জনপ্ৰিয়তা লাভ কৰা শৰীৰ চৰ্চা ক্ৰীড়াৰ বাবে প্ৰয়োজনীয় আন্তগাঁথনিৰ অভাৱত আজিও মাজুলীৰ বহু প্ৰতিভাৰ বিকাশ সম্ভৱ হোৱা নাই।

সেয়ে মাজুলীত এই ক্ৰীড়াৰ প্ৰসাৰতা বৃদ্ধি আৰু ক্ৰীড়া বিধৰ অনুশীলনৰ বাবে এক পৰিবেশ সৃষ্টিৰ উদেশ্যে আয়োজিত হোৱা দেহশ্ৰী প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ দুশ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।

প্ৰতিযোগিতাত মিষ্টাৰ অসম খিতাপ দখল কৰে বৰপেটাৰ  খঞ্জন প্ৰতিম তালুকদাৰে। অসমত পোন প্ৰথমবাৰলৈ মহিলাৰ দেহশ্ৰী ও ফিটনেচ্ প্ৰতিযোগিতাও অনুষ্ঠিত হয় ।মিছ অসম খিতাপ দখল কৰে বাক্সা জিলাৰ হিমানী বড়োৱে। তেওঁ অসমৰ প্ৰথম গৰাকী শ্ৰেষ্ঠ মহিলা বডী বিল্ডাৰ হিচাপে খিতাপ অৰ্জন কৰে ।

Related News