ৰাজনীতিক অপৰাধীকৰণৰ বিৰুদ্ধে সময়ে সময়ে দেশত ব্যাপক চৰ্চা চলি আহিলেও নিৰ্বাচনী ৰাজনীতিত অপৰাধীৰ অংশগ্ৰহণ ৰোধ কৰাটো সম্ভৱ হৈ উঠা নাই। হত্যা, বলাৎকাৰ, অপহৰণ আৰু ডকাইতিৰ দৰে গুৰুতৰ অপৰাধত অভিযুক্তইয়ো ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থতেই নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাহে দেখা গৈছে।
দেশৰ আন প্ৰান্তৰ দৰে অসমতো বিভিন্ন অপৰাধত অভিযুক্তই নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাই আহিছে।
অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ পাঁচটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিভিন্ন অপৰাধত অভিযুক্ত পাঁচগৰাকী প্ৰাৰ্থীয়ে। নিৰ্বাচনী মনোনয়ন-পত্ৰৰ সৈতে দাখিল কৰা শপতনামা অনুসৰি অভিযুক্ত পাঁচগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে ভাৰতীয় দণ্ডবিধিৰ ১২টাকৈ গুৰুতৰ ধাৰা।
প্ৰথম পৰ্যায়ত হ’বলগীয়া ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, লখিমপুৰ, আৰু তেজপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ক্ৰমে তেজপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমান, ডিব্ৰুগড় সমষ্টিৰ এন পি পি প্ৰাৰ্থী ভৱেন বৰুৱা, তেজপুৰ সমষ্টিৰ এচিপি প্ৰাৰ্থী মহেন্দ্ৰ ভূঞা, কলিয়াবৰ সমষ্টিৰ হিন্দুস্তান নিৰ্মাণ দলৰ প্ৰাৰ্থী দিগন্ত কুমাৰ শইকীয়া আৰু নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধজনিত গোচৰ।
আছাম ইলেকশ্যন ৱাটচে প্ৰকাশ কৰা তথ্য অনুসৰি নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমান খানৰ বিৰুদ্ধে দুটাকৈ অপৰাধজনিত গোচৰ ৰুজু হৈ আছে। প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে হত্যা, ডকাইতি, অপহৰণৰ দৰে পাঁচটা গুৰুতৰ ধাৰাত এই গোচৰ ৰুজু হৈ আছে।
ইপিনে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বহুকেইজন মেট্ৰিক অনুত্তীৰ্ণ প্ৰাৰ্থীয়েও। শপতনামাত দাখিল কৰা তথ্য অনুসৰি, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ৪১গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৮গৰাকী প্ৰাৰ্থী স্নাতক অনুত্তীৰ্ণ।
ইয়াৰ বিপৰীতে ১১গৰাকী প্ৰাৰ্থী মাত্ৰ দশম শ্ৰেণীলৈ পঢ়া আৰু পাঁচগৰাকী প্ৰাৰ্থীয়ে দ্বাদশ শ্ৰেণীলৈ অধ্যয়ন কৰিছিল।