চলন্ত অৱস্থাতে দাউ দাউ কৈ জ্বলিল বাছ, পাঁচ যাত্ৰী নিহত

Bus1

ৰাজপথেৰে গৈ থকা অৱস্থাতে হঠাতে জ্বলি উঠিল এখন যাত্ৰীবাহী বাছ।

ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটিল ৫ জনকৈ যাত্ৰীৰ।

এই ঘটনাত গুৰুতৰ ভাৱে আহত হয় আন কেইবাজনো যাত্ৰী।  ঘটনাটো কৰ্ণাটকৰ।

কৰ্ণাটকৰ চিত্ৰদূৰ্গা নামৰ অঞ্চলটোত আজি পুৱা সংঘটিত হয় এই শোকাৱহ ঘটনাটো।

চিত্ৰ দূৰ্গা অঞ্চলৰ মাজেৰে যোৱা ৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনাটো। বিজয়পুৰাৰ পৰা বাংগালুৰু অভিমুখে গৈ থকা যাত্ৰীবাহী বাছ খনত চলন্ত অৱস্থাতে জুই লাগে।

জুইয়ে নিমিষৰ ভিতৰতে বাছ খন চানি ধৰে। ৩২ গৰাকী যাত্ৰী থকা বাছখনৰ ৫ গৰাকী যাত্ৰীৰ লগে লগে মৃত্যু ঘটে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে গৈ ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱায় যদিও পাঁচজন যাত্ৰীৰ ইতিমধ্যে মৃত্যু ঘটে।

নিহত সকলৰ ভিতৰত এগৰাকী মহিলাৰ লগতে দুটি শিশুও আছে।

আন আহত যাত্ৰী সকলক চিত্ৰদূৰ্গাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

কি কাৰণত চলন্ত বাছ খনত জুই লাগিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। চিত্ৰদূৰ্গাৰ প্ৰশাসনে সমগ্ৰ ঘটনাটোৰ এক তদন্তৰ নিৰ্দেশ দিছে।

বাছত জুই লাগি মৃত্যু ঘটা লোক সকলৰ পৰিয়ালক উপযুক্ত আৰ্থিক সাহায্য দিয়া হ’ব বুলি কৰ্ণাটকৰ চৰকাৰে ঘোষণা কৰিছে।