NORTHEAST NOW (Assamese)

ভয়াৱহ দুৰ্ঘটনা! চলন্ত ট্ৰেইনৰ খুন্দাত তছনছ হ’ল কেইবাখনো গাড়ী, ৫জনৰ মৃত্যু, ক’ত?

April 22, 2021 5:06 pm · এন ই নাও নিউজ

ট্ৰেইন আহি থকাৰ সময়তো বিভাগীয় কৰ্তৃপক্ষই পাহৰিলে ৰেলৱে ক্ৰছিং বন্ধ কৰিবলৈ।

যাৰ ফলত সংঘটিত হ’ল এটা ভয়াৱহ দুৰ্ঘটনা।

চলন্ত ট্ৰেইনৰ স’তে সংঘৰ্ষ হৈ তছনছ হৈ পৰিল কেইবাখনো গাড়ী।

কমেও ৫ জন লোকে মৃত্যুক সাৱটি ল’ব লগা হোৱাৰ উপৰিও এজন লোক আঘাটপ্ৰাপ্ত হয়।

বৃহস্পতিবাৰে পুৱা উত্তৰপ্ৰদেশৰ ছাহজাহানপুৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।

আৰক্ষীয়ে সংবাদমাধ্যমক জনোৱামতে, লক্ষ্নৌ- চণ্ডীগড় সংযোগী ট্ৰেইনখন মীৰনপুৰ ৰেল ষ্টেচনটো পাৰ হোৱাৰ সময়ত লেভেল ক্ৰিছিং খোলা থকাৰ ফলত দুৰ্ঘটনা হয়।

যাৰ ফলত দুখন ট্ৰাক আৰু  এখনকৈ গাড়ী আৰু মটৰচাইকেলক ট্ৰেইনখনৰ স’তে খুন্দা খায়।

খুন্দা খোৱাৰ ফলত ট্ৰেইনখনো লাইনচ্যুত হৈ পৰে।

দুৰ্ঘটনাটোত মৃত পাঁচজন লোকৰ ভিতৰত ৩ জন একেটা পৰিয়ালৰে সদস্য।

আঘাটপ্ৰাপ্ত লোকজনক হস্পিতাললৈ পঠোৱা হৈছে।

আৰক্ষীয়ে মৃতকৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ আশংকা কৰিছে।

ট্ৰেইন আহি থকাৰ সময়তো কিয় লেভেল ক্ৰছিং খোলা আছিল, সেই লৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

আনহাতে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি ২ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

Related News