• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নজিৰ বিহীন: নাছাৰ পাৰ্ছেভাৰেঞ্চ ৰ’ভাৰে মঙল গ্ৰহৰ কাৰ্বন ডাই অক্সাইডৰ পৰা প্ৰস্তুত কৰিলে জীৱনদায়িনী অক্সিজেন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2021 5:22 pm
whatsubject
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঙা গ্ৰহ মঙলকলৈ বিশ্বৰ বিজ্ঞানীসকলৰ লগতে সাধাৰণ মানুহৰো কৌতূহলৰ অন্ত নাই।

মঙল গ্ৰহৰ ৰহস্য উদ্ঘাটন কৰাৰ বাবে বিগত শতিকাৰ  ৬০ৰ দশকৰ পৰাই বিজ্ঞানীসকলে চেষ্টা কৰি আহিছে।

Apply Now

শেহতীয়াকৈ মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই মঙল গ্ৰহলৈ প্ৰেৰণ কৰিছে পাৰ্ছেভাৰেঞ্চ ৰোভাৰ যান ।

বিশ্বৰ মহাকাশ গৱেষণাৰ ইতিহাসত এক নতুন নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাই ৰঙা গ্ৰহ মঙললৈ প্ৰেৰণ কৰা পাৰ্ছেভাৰেঞ্চ ৰ’ভাৰ নামৰ যান খনে।

যোৱা সোমবাৰে যান খনে মঙলৰ বুকুত হেলিকপ্তাৰ উৰুৱাই নজিৰ সৃষ্টি কৰাৰ পিছত এইবাৰ ৰঙা গ্ৰহটোত থকা কাৰ্বন ডাই অক্সাইড গেছক বিশেষ প্ৰযুক্তিৰে জীৱনদায়িনী অক্সিজেনলৈ ৰূপান্তৰিত কৰাত সফল হ’ল যানখন।

যান খনত সন্নিবিষ্ট কৰা মক্সি নামৰ  এটা সৰু যন্ত্ৰৰ সহায়ত মঙলৰ কাৰ্বন ডাই অক্সাইডক অক্সিজেনলৈ ৰূপান্তৰিত কৰাটো সম্ভৱ হৈ পৰে।

ফলত ৰঙা গ্ৰহটোত অদূৰ ভৱিষ্যতে মানুহৰ বসতিস্থল কৰি তোলাৰ সপোনে আৰু এক নতুন মাত্ৰা লাভ কৰিলে।

মঙল গ্ৰহৰ ৰুক্ষ বুকুত প্ৰায় ১০ মিনিট সময় ধৰি এগৰাকী মহাকাশচাৰীয়ে উশাহ  লৈ থাকিবলৈ  প্ৰায় ৫ গ্ৰাম পৰিমাণৰ অক্সিজেনৰ প্ৰয়োজন হয়।

পাৰ্ছেভাৰেঞ্চ যান খনে প্ৰথমাৱস্থাত সিমান পৰিমাণৰেই অক্সিজেন উৎপাদন কৰি বিজ্ঞানীসকলক আশান্বিত কৰি তুলিছে।এই পদ্ধতিৰে ৰঙা গ্ৰহটোৰ বুকুত মানুহৰ প্ৰাণ স্বৰূপ অক্সিজেন পৰ্যাপ্ত মাত্ৰাত উৎপাদন কৰিব পৰা যাব বুলি নাছাৰ বিজ্ঞানীসকল এতিয়া আশাবাদী হৈ পৰিছে।

উল্লেখ্য জীৱনদায়িনী অক্সিজেনৰ দহনৰ জৰিয়তে ৰকেটো চলে। সেয়ে ৰকেটৰ ইন্ধনো যান খনে স্বয়ংক্ৰিয় ভাবে উৎপাদন কৰাৰ বাট মুকলি হৈ পৰিল।

মঙল গ্ৰহৰ বায়ুমণ্ডল ৯৬ শতাংশ কাৰ্বন ডাই অক্সাইড গেছেৰে পৰিপূৰ্ণ হৈ আছে।গ্ৰহটোৰ বায়ু মণ্ডলত থকা অক্সিজেনৰ পৰিমাণ মাত্ৰ ০.১৩ শতাংশ।

যান খনৰ এনে সফলতা প্ৰসংগত মন্তব্য কৰি নাছাৰ প্ৰযুক্তি অভিযানৰ সঞ্চালক ট্ৰুডি কৰ্টছে কয়—‘মক্সি কেৱল  বৰ্হিবিশ্বত অক্সিজেন প্ৰস্তুত কৰিব পৰা প্ৰথম যন্ত্ৰ নহয়,ই এই সম্পৰ্কীয় প্ৰথম প্ৰযুক্তিও। এই প্ৰযুক্তিয়ে এতিয়া মানৱ জাতিক নতুন দিশৰ সন্ধান দিছে।’

প্ৰতি ঘণ্টাত মক্সিয়ে মঙল গ্ৰহৰ কাৰ্বন ডাই অক্সাইডৰ পৰা প্ৰায় ১০ গ্ৰাম অক্সিজেন প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

মঙল গ্ৰহত কোনো সময়ত জীৱৰ বসতি আছিল নেকি, এতিয়াও গ্ৰহটোৰ ক’ৰৱাত কোনো জীৱে বাস কৰি আছে নেকি আদি কথাবোৰৰ উত্তৰ বিচাৰিয়েই নাছাই গ্ৰহটোলৈ প্ৰেৰণ কৰিছে যান খন।

ভাৰতীয় সময় অনুসৰি ১৯ ফেব্ৰুৱাৰীৰ দিনা যান খনে মঙল গ্ৰহৰ বুকুত অৱতৰণ কৰে।যান খনে কঢ়িয়াই নিছে MOXIE নামৰ এটা বিশেষ যন্ত্ৰ।

নাছাৰ বিজ্ঞানী থমাছ জাৰবুচেনে প্ৰকাশ কৰা অনুসৰি যান খনে গ্ৰহটোৰ বিভিন্ন অঞ্চলৰ পৰা মাটি, শিল আদি সংগ্ৰহ কৰিব।ইতিমধ্যে চীনেও মঙল গ্ৰহলৈ টিয়ানৱেন-১ নামৰ এখন যান প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd