লাইচেন্সৰ দৰকাৰ নাই! কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে কম মূল্যত ৫ খন ই-স্কুটাৰ, পাব দীঘলীয়া মাইলেজ 

পৃথিৱীত লাহে লাহে খাৰুৱা তেলৰ পৰা উৎপন্ন কৰা ইন্ধন শেষ হৈ আহিছে। গতিকে ইন্ধনৰ বিকল্প হিচাপে মানুহে ইলেক্ট্ৰিক গাড়ী বা স্কুটাৰক অধিক গুৰুত্ব আৰোপ কৰিছে।

দেশত তেলৰ মূল্য আকাশলংঘী। ফলত বেটাৰী চালিত গাড়ীৰ দ্বাৰা মানুহে টকা সঞ্চয় কৰিব খুজিছে। ইটোৰ পিছত সিটোকৈ বহু কোম্পানীয়ে বজাৰত মুকলি কৰিছে নতুন ই-স্কুটাৰ। 

আজি আমি লৈ আহিছোঁ কম মূল্যত পাব পৰা ৫ খন ইলেক্ট্ৰিক স্কুটাৰ। আজি আমি যিকেইখন ইলেক্ট্ৰিক স্কুটাৰৰ কথা ক’ম, সেই কেইখন স্কুটাৰ লাইচেন্স অবিহনে ৰাস্তাত চলাব পাৰি। আচলতে এই বৈদ্যুতিক স্কুটিবোৰ ঘণ্টাত ২৫-৩০ কিলোমিটাৰ বেগত চলিব পাৰে। 

দেশৰ নিয়ম অনুসৰি ঘণ্টাত ৩০ কিলোমিটাৰতকৈ কম গতিবেগ বা ২৫০ ৱাটৰ কম শক্তিৰ স্কুটি চলাবলৈ ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন নাই। 

স্কুটি কেইখনৰ বিষয়ে সবিশেষ জানো আহক –

১/ হিৰো ইলেক্ট্ৰিক ফ্লেছ ই ২ ( Hero Electric Flash E2

এইখন হৈছে ভাৰতৰ অন্যতম সস্তীয়া ইলেক্ট্ৰিক স্কুটাৰ। মাত্ৰ ৫৯ হাজাৰ টকাত এই স্কুটীখন কিনিবলৈ পোৱা যায়। ইয়াত আছে ৪৮ ভল্টৰ ২৮Ah লিথিয়াম-আয়ন বেটাৰী। স্কুটিখনৰ বেটাৰীটো সম্পূৰ্ণ চাৰ্জ কৰিবলৈ ৪-৫ ঘণ্টা সময় লাগে আৰু সম্পূৰ্ণ চাৰ্জ দিয়াৰ পিছত ৬৫ কিলোমিটাৰ পৰ্যন্ত চলে। স্কুটাৰখন ঘণ্টাত ২৫ কিলোমিটাৰ বেগত যাব পাৰে যাৰ বাবে এই স্কুটাৰখন চলাবলৈ কোনো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই।

২/ এম্পিয়াৰ ৰিঅ’ এলিট (Ampere Reo Elite

এই ইলেক্ট্ৰিক স্কুটাৰখনত লিথিয়াম-আয়ন আৰু লিড এচিড দুয়োটা বেটাৰী আছে। স্কুটীখন ঘণ্টাত সৰ্বোচ্চ ২৫ কিলোমিটাৰ বেগত যাব পাৰে। লগতে ২৫০ ৱাটৰ BLDC মটৰ আছে স্কুটীখনত। এবাৰ চাৰ্জ কৰিলে ৬০ কিলোমিটাৰ যাব পাৰে। ইয়াৰ উপৰিও ইয়াত ইউএছবি চাৰ্জিং পইণ্ট, এলইডি হেডলাইট, টেইললাইট, ডিজিটেল ইনষ্ট্ৰুমেণ্ট ডেচব’ৰ্ড আদিৰ ব্যৱস্থাও আছে।

৩/ গেমপাই মিছ’ (Gemopai Miso

এই ইলেক্ট্ৰিক স্কুটাৰখন অলপতে বজাৰত মুকলি কৰা হৈছে। এই কোম্পানীটোৱে ভাৰতত সৰু সৰু স্কুটাৰ নিৰ্মাণ কৰি আছে। ঘণ্টাত সৰ্বোচ্চ ২৫ কিলোমিটাৰ বেগত চলাচল কৰিব পৰা স্কুটীখনত  ৪৮ভি ১ কিলোৱাট লিথিয়াম আয়ন বেটাৰী আছে।

৪/ অকিনাৱা লাইট (Okinawa Lite) 

মাত্ৰ ৬৬,০০০ টকাত এই  স্কুটাৰখন কিনিবলৈ পাব। ২৫০ ৱাটৰ বিএলডিচি ইলেক্ট্ৰিক মটৰ আৰু ১.২৫ কিলোৱাট লিথিয়াম-আয়ন বেটাৰী আছে এই স্কুটীখনত। সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছত ই ৬০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰে। স্কুটীখনত আছে এল ই ডি হেডলাইট, ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, এল ই ডি টেইল-লেম্প আৰু এল ই ডি ইনডিকেটৰ।

৫/ ইভে জেনিয়া (EeVe Xeniaa) 

বিশ্বাস কৰিবলৈ টান কিন্তু এই ই-স্কুটাৰখনৰ দাম মাত্ৰ ৪৩ হাজাৰ টকা। যোৱা বছৰ EeVe-এ Xeniaa মডেল মুকলি কৰিছিল। ইয়াত ২৫০ ৱাট মটৰ আছে ।  এবাৰ সম্পূৰ্ণ চাৰ্জ দিয়াৰ পিছত  ৭০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম পাৰে এই স্কুটাৰখনে। ঘণ্টাত ২৫ কিলোমিটাৰ পৰ্যন্ত দৌৰিব পাৰে এই স্কুটীখন। স্কুটীখনৰ দুয়োটা চকাতে টিউবলেছ টায়াৰ আৰু ডিস্ক ব্ৰেক লগোৱা হৈছে।