নহৰুৱে ব্যঞ্জনৰ সোৱাদত অন্য এক মাত্ৰা দিয়ে। কিন্তু নহৰু স্বাস্থ্যৰ বাবে কিমান উপকাৰি আপুনি জানেনে? নহৰুত আছে কেইবাটাও স্বাস্থ্য উপযোগী গুণ আৰু সেয়েহে এতিয়াও ইয়াক বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যায়।
থেতেলি চোবাই খালে নহৰুত বহুতো এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগল গুণ পোৱা যায় যিয়ে আনকি কেঞ্চাৰো প্ৰতিৰোধ কৰে বুলি দাবী কৰা হৈছে।
নহৰুৰ পাঁচটা বিশেষ উপকাৰিতাৰ কথা জানো আহক
- ৰক্ত পৰিশোধক
মহিলাসকলে ভালকৈ জানে যে প্ৰতিদিনে শৰীৰৰ দাগ সমূহ কিমান মূৰৰ কামোৰণি হৈ পৰে। ইয়াৰ বাবে প্ৰকৃত সমস্যাটো নিৰাময় কৰাটো জৰুৰী আৰু ৰক্ত পৰিশোধনে বাহিৰৰ ছালক সতেজ কৰিব পাৰে। নহৰুৰ দুটা কোহ অলপ গৰম পানীৰে সৈতে প্ৰতিদিনে ৰাতিপুৱা সেৱন কৰক। এইটোৱে আপোনাৰ চিষ্টেম পৰিষ্কাৰ কৰাৰ লগতে শৰীৰত থকা সকলো বিষাক্ত পদাৰ্থ উলিয়াই দিব।
- চৰ্দি আৰু জ্বৰ
প্ৰাচীন কালৰে পৰা চৰ্দি আৰু জ্বৰ নিৰাময়ৰ বাবে নহৰুৱে এক গুৰুত্বপূৰ্ণ নিদান হিচাপে ব্যৱহাৰ হৈ আহিছে। ই পানী লগাত ভূগি থকাৰ পৰা শীঘ্ৰেই সকাহ দিয়াই নহয় লগতে সঘনাই হৈ থকা এই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতাও গঢ়ি তোলে। প্ৰতিদিনে ২-৩ কোহ কেচা বা ৰন্ধা নহৰু খাওক বা কেইবাৰমান নহৰুৰ চাহ খাওক।
- হাৰ্ট ৰোগ প্ৰতিৰোধী
প্ৰতিদিনে নহৰু খালে কলেষ্টৰেলৰ পৰিমান হ্ৰাস পায় কিয়নো ইয়াত এন্টি অক্সিডেন্ট ভৰপূৰ থাকে। ই ৰক্তচাপ আৰু ব্লাড ছুগাৰো নিয়ন্ত্ৰণ কৰাত উপকাৰী। আপুনি ইয়াৰ সম্পূৰ্ণ উপকাৰিতা লাভ কৰিবলৈ কেচা বা আধা সিজাই নহৰু খাওক।
- ছাল আৰু চুলিৰ বাবে
নহৰুত থকা শক্তিশালী গুণসমূহে ছালক মুক্ত কণাৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰে আৰু বয়স্ক ছালত আহি পৰা সতেজহীনতা সৃষ্টিকাৰী কোলেজনৰ শুষ্কতাক স্থবিৰ কৰি তোলে। নহৰুৱে ফাংগ্যল সংক্ৰমণৰ দ্বাৰা সংক্ৰমিত ছালৰ ক্ষেত্ৰত আচৰিত কাম কৰে আৰু খজুৱতিৰ দৰে ছালৰ ৰোগত সকাহ দিয়ে। বটি লোৱা নহৰু মূৰত ঘহিলে বা নহৰু মিহলি তেল মালিচ কৰিলে চুলি সৰা প্ৰতিৰোধ কৰাৰ লগতে চুলি গজাতো সহায় কৰে।
- কেঞ্চাৰ প্ৰতিৰোধ
কেইবাটাও গৱেষণাই সদৰী কৰিছে যে দৈনিক নহৰু সেৱন কৰিলে পেট আৰু কলেষ্টৰেল কেঞ্চাৰ প্ৰতিৰোধত ই সহায় কৰিব পাৰে। ই লগতে কেঞ্চাৰৰ বিৰুদ্ধে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।