যুৱ প্ৰজন্মক সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত কৰোৱাৰ অভিযোগত জঈছ-ই-মহম্মদৰ পাঁচ সদস্যক যাৱজ্জীৱন কাৰাদণ্ড

5 Jaish Terrorists Get Life Term For Recruiting Youths For Terror Activities

দেশজুৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে যুৱক-যুৱতীক নিযুক্তি তথা প্ৰশিক্ষণ দিয়াৰ অপৰাধত সোমবাৰে দিল্লীৰ এখন আদালতে সন্ত্ৰাসবাদী সংগঠন জঈছ-ই-মহম্মদৰ পাঁচগৰাকী সন্ত্ৰাসবাদী সদস্যক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে।

বিশেষ ন্যায়াধীশ শৈলেন্দৰ মালিকে এই গোচৰত অভিযুক্ত ক্ৰমে ছাজ্জাদ আহমেদ খান, বিলাল আহমেদ মিৰ, মুজাফ্ফৰ আহমেদ ভাট, ইছফাক আহমেদ ভাট আৰু মেহৰাজ-উদ্দিন চোপনে দোষ স্বীকাৰ কৰাৰ পিছতে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

আনহাতে ন্যায়াধীশগৰাকীয়ে এই গোচৰত তনবীৰ আহমেদ গনী নামৰ আন এগৰাকী সন্ত্ৰাসবাদী সদস্যক পাঁচ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশগৰাকীয়ে দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদী সদস্যসকলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ষড়যন্ত্ৰ চলাইছিল বুলি নিশ্চিত কৰে।

গোচৰৰ আদেশত ন্যায়াধীশ মালিকে কয়, “দোষী সন্ত্ৰাসবাদীসকল কেৱল জঈছৰ সদস্যই নহয়, তেওঁলোকে সন্ত্ৰাসবাদী সদস্যসকলক অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক সামগ্ৰী যোগান ধৰি সমৰ্থন দি আহিছে।”

অভিযুক্তসকলে জম্মু-কাশ্মীৰৰ স্থানীয় লোকসকলক উগ্ৰপন্থী কাৰ্যত যোগ দিবলৈ প্ৰলোভিত কৰা আৰু সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ বাবে ধনৰ ব্যৱস্থা কৰা আদি কামতো জড়িত আছিল আৰু সেয়েহে সকলোকে UAPA- ৰ অধীনত অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হয় বুলি ন্যায়াধীশ গৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য যে ২০১৯ চনৰ মাৰ্চ মাহত তদন্তকাৰী সংস্থা নিয়াই অভিযোগ দাখিল কৰি এই গোচৰৰ তদন্ত আৰম্ভ কৰিছিল। তদন্তকাৰী সংস্থাটোৱে অভিযুক্ত সদস্যসকলক পাকিস্তানস্থিত জঈছ-ই-মহম্মদৰ সদস্যই প্ৰশিক্ষণ দিছিল বুলি অভিযোগ কৰিছিল।

আদালতে উল্লেখ কৰে যে জঈছ-ই-মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাৰৰ ভাতৃ মুফতি আব্দুল ৰৌফ আছগাৰে সংগঠনটোৰ অন্যান্য জ্যেষ্ঠ সেনাধ্যক্ষৰ সৈতে ভাৰতৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল।

এই ষড়যন্ত্ৰৰ পিছতে শেহতীয়াকৈ বৃহৎ সংখ্যক পাকিস্তান প্ৰশিক্ষিত সন্ত্ৰাসবাদী, জঈছ-ই-মহম্মদৰ অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীসহ প্ৰশিক্ষণপ্ৰাপ্ত সদস্য ভাৰতীয় ভূখণ্ডত অবৈধভাৱে অনুপ্ৰৱেশ কৰিছে বুলি আদালতে লগতে কয়।

আদালতে উল্লেখ কৰা মতে আন এগৰাকী পাকিস্তানী নাগৰিক কাৰি মুফতি ইয়াছিৰে ভাৰতত অনুপ্ৰৱেশ কৰি দক্ষিণ কাশ্মীৰত উপস্থিত হৈ জম্মু-কাশ্মীৰ আৰু দিল্লী-এনচিআৰকে ধৰি ভাৰতৰ অন্যান্য অঞ্চলত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিবলৈ স্থানীয় কাশ্মীৰী যুৱকক নিযুক্তি, প্ৰশিক্ষণ আৰু প্ৰেৰণা দিছিল।

এই সদস্যসকলক গুৰুত্বপূৰ্ণ লক্ষ্যৰ গোপনীয়তা আৰু দিল্লীত আত্মগোপন স্থান ঠিক কৰাৰ লগতে উত্তৰ প্ৰদেশ আৰু অন্যান্য ৰাজ্যৰ যুৱক-যুৱতীসকলক উগ্ৰপন্থী কৰি নিযুক্তি দিয়াৰ লক্ষ্যৰে বিশেষভাৱে দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল বুলি আদালতে শুনানিত কয়।

লগতে তেওঁলোকক অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যেৰে ভাৰতৰ ঐক্য, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি ভাৰতৰ বিৰুদ্ধে যুদ্ধ চলাবলৈ প্ৰেৰিত কৰিছিল বুলিও আদালতে ৰায়ত উল্লেখ কৰে।