জম্মু-কাশ্মীৰত ভয়াৱহ পথ দুৰ্ঘটনা: খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, থিতাতে নিহত পাঁচ যাত্ৰী

Jammu and Kashmir bus accident

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত কিছুসময় পূৰ্বে সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ খাৱৈত পৰি যোৱাৰ ফলত ৫ গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত হৈছে আন ১২ গৰাকী যাত্ৰী। জিলাখনৰ ৰাজৌৰী-পুঞ্চ ঘাইপথত এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত হৈছে।

দুৰ্ঘটনাৰ পিছতে স্থানীয় আৰক্ষী আৰু ভাৰতীয় সেনাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। স্থানীয় লোকেও এই উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছে।

দুৰ্ঘটনাটোত আহতসকলক উদ্ধাৰৰ পাছতে লগে লগে ৰাজৌৰীৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি উদ্ধাৰ অভিযানৰ তদাৰক কৰা এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে। ইয়াৰে কেইগৰাকীমান ব্যক্তিৰ আঘাত গুৰুতৰ বুলি তেওঁ লগতে উল্লেখ কৰে।

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ কাৰ্যালয়ে টুইটাৰ যোগে এই দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে। লগতে দুৰ্ঘটনাত নিহত সকলৰ পৰিয়াললৈ সমবেদনা জনাই তেওঁ আহতসকলৰ আৰোগ্য কামনা কৰিছে।

উল্লেখ্য যে উপত্যকাটোত ক্ৰমশ: দ্বিতীয়দিনা এনে ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে। বুধবাৰেও পুঞ্চ জিলাৰ বাৰেৰী নাল্লাৰ ওচৰত এখন যাত্ৰীবাহী বাছ দ খাৱৈত বাগৰি পৰাৰ ফলত ১২ গৰাকী যাত্ৰী নিহত হোৱাৰ লগতে ২৫ গৰাকী আহত হৈছিল।