NORTHEAST NOW (Assamese)

আমেৰিকাত পুনৰ বন্দুকধাৰীৰ সন্ত্ৰাস: নিৰ্বিচাৰ গুলীচালনাত আৰক্ষী বিষয়াসহ পাঁচগৰাকী নিহত

October 14, 2022 11:34 am · এন ই নাও নিউজ, গুৱাহাটী

বন্দুকধাৰীৰ সন্ত্ৰাসে ক্ৰমশ: ভয়াৱহ ৰূপ ধাৰণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত। ৰাষ্ট্ৰখনৰ বিভিন্ন প্ৰদেশত সময়ে সময়ে বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাই আতংকৰ সৃষ্টি কৰাৰ লগতে বহু লোকৰ প্ৰাণ হানি কৰিছে। এনে হিংসাত্মক কাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকাত দীৰ্ঘদিনৰ পৰা বন্দুক নিয়ন্ত্ৰণৰ ওপৰত বিতৰ্ক চলি আহিছে।

এনে বিতৰ্কৰ মাজতে পুনৰ বন্দুধাৰীৰ সন্ত্ৰাসে জোকাৰি গৈছে যুক্তৰাষ্ট্ৰত। আমেৰিকাৰ কেৰোলিনাৰ ৰাজধানী ৰালেত বৃহস্পতিবাৰে সংঘটিত এক গুলীচালনাত এগৰাকী আৰক্ষী বিষয়াসহ পাঁচগৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ৰালেৰ মেয়ৰ মেৰী-এন বল্ডউইনে এক বিবৃতিত সদৰী কৰা মতে অঞ্চলটোৰ এক ব্যস্ততাপূৰ্ণ আৰু জনপ্ৰিয় পথ নিউচ ৰিভাৰ গ্ৰীণৱেৰ ওচৰত এই নিৰ্বিচাৰ গুলীচালনাৰ কাণ্ড সংঘটিত হৈছে।

সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত এই হত্যাকাণ্ডক তেওঁ ৰালে চহৰৰ বাবে এক দুখজনক আৰু কৰুণ দিন বুলি অভিহিত কৰি দুখ প্ৰকাশ কৰে।

ৰেলে আৰক্ষী বিভাগে এই ভয়াৱহ ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। এই সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিৰ সৃষ্টি কৰা শ্বুটাৰগৰাকীক আৰক্ষীয়ে অঞ্চলটোৰ এটা বাসগৃহৰ পৰা আটক কৰিছে বুলি আৰক্ষীয়ে লগতে সদৰী কৰিছে।

উল্লেখ্য যে এনে হিংসাত্মক ঘটনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণৰ নিৰাপত্তাৰ সমুখত এক বৃহৎ ভাবুকি হিচাপে চিহ্নিত হৈছে। কেৱল ২০২২ চনতে এতিয়ালৈকে এনে গুলীচালনাত ৩৪,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছে বুলি এক সমীক্ষাত প্ৰকাশ পাইছিল।

Related News