বুৰাৰী কাণ্ডৰ পুনৰাবৃত্তি; মধ্যপ্ৰদেশত উদ্ধাৰ একেটা পৰিয়ালৰে পাঁচ সদস্যৰ ওলমি থকা মৃতদেহ

download - 2020-

দিল্লীৰ বুৰাৰীৰ শান্ত নগৰত ২০১৮ চনৰ ১ জুলাইত একেটা পৰিয়ালৰে ১১ গৰাকী সদস্যৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাৰ শিহৰণ এতিয়াও মাৰ যোৱা নাই।

বুৰাৰী কাণ্ডৰ দৰেই এক শোকাৱহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ টিকামগড়ত।

টিকামগড়ৰ বাসিন্দা অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া ধৰমদাস ছোনিৰ গোটেই পৰিয়ালটোৰে সদস্য সকলৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই সকলোকে পুনৰ বুৰাৰীৰ ঘটনাটোলৈ মনত পেলাই দিছে।

টিকামগড়ত থকা বাসভৱনত ধৰমদাস ছোনি,তেওঁৰ পত্নী পুনা,পুত্ৰ মনোহৰ,বোৱাৰী ছোনম আৰু ৫ বছৰীয়া নাতিৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

দেওবাৰে নিশাই তেওঁলোকৰ মৃত্যু ঘটা বুলি সন্দেহ কৰা হৈছে।

পুৱা বহু দেৰিলৈকে পৰিয়ালটোৰ কোনো সদস্য বাহিৰলৈ ওলাই নহাত ওচৰ চুবুৰীয়াই পৰিয়ালটোক জগাবলৈ চেষ্টা কৰে যদিও কোনো সঁহাৰি নোপোৱাত আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘৰৰ দুৱাৰ ভাগি ঘৰৰ ভিতৰত পাঁচজন জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে।

এটা কোঠাৰ ভিতৰত ধৰমদাস ছোনি,পত্নী পুনা আৰু নাতিয়েকৰ মৃতদেহ উদ্ধাৰ হয়।

আন এটা কোঠাত মনোহৰ আৰু তেওঁৰ পত্নীৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

আৰক্ষীয়ে এয়া আত্মহত্যাৰ ঘটনা বুলিয়েই সন্দেহ কৰিছে।