চীনৰ সৈতে চলি থকা বিবাদৰ মাজতে ভাৰতলৈ বুলি উৰিল পাঁচখন ৰাফেল যুদ্ধ বিমান

সংগৃহীত

‍চীন আৰু ভাৰতৰ মাজত চলি থকা সীমাকেন্দ্ৰিক বিবাদৰ মাজতে আজি ফ্ৰান্সৰ পৰা পাঁচখন ৰাফেল ফাইটাৰ জেট ভাৰতলৈ অনা হ’ব।

এই পাঁচখন ৰাফেল যুদ্ধ বিমান অহা ২৯ জুলাইত হাৰিয়ানাৰ আম্বালাস্থিত বায়ুসেনা বাহিনীৰ ঘাটিত উপস্থিত হ’ব।

ভাৰতলৈ অনাৰ পূৰ্বে এই বিমান কেইখনক য়ু এ ইত অৱতৰণ কৰোৱা হ’ব আৰু তাত ইন্ধন ভৰাই ভাৰতলৈ লৈ অনা হ’ব বুলি জানিব পৰা গৈছে।

আজি ফ্ৰান্সস্থিত ভাৰতীয় দূতাবাসে ৰাফেল বিমান কেইখনৰ ফটো প্ৰকাশ কৰি এই কথা জনায়। বিমান কেইখন উৰণৰ পূৰ্বে ফ্ৰান্সস্থিত ভাৰতীয় ৰাষ্ট্ৰদূতে পাইলট কেইজনক সাক্ষাৎ কৰে।

ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৩৬ খন ৰাফেল ফাইটাৰ জেটৰ অংশ স্বৰূপে এই পাঁচখন বিমান ভাৰতলৈ অনা হ’ব।

ভাৰতীয় বায়ুসেনাৰ ১২ গৰাকী পাইলট আৰু অভিযন্তাক ইয়াৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

ভাৰতত ৰাফেল যুদ্ধ বিমানে পদাৰ্পন কৰাৰ পাছতে ই ভাৰতীয় বায়ুসেনা বাহিনীৰ শক্তি বৃদ্ধি কৰিব। ফ্ৰান্সে ৰাফেলৰ সৈতে ভাৰতক মেটেঅ’ৰ আৰু এছ চি এ এল পি নামৰ দুবিধ বিধ্বংসী মিছাইলো যোগান ধৰিব।

উল্লেখ্য যে ভাৰত চৰকাৰে ২০১৬ বৰ্ষতে ৩৬খন ৰাফেল বিমান ক্ৰয়ৰ বাবদ ফ্ৰান্সৰ সৈতে ৬০,০০০ কোটি টকাত চুক্তিবদ্ধ কৰিছিল।

যোৱা বৰ্ষৰ ৮ অক্টোবৰত প্ৰথমখন ৰাফেল বিমান ফ্ৰান্সৰ পৰা ভাৰতলৈ অনা হৈছিল।

স্মৰ্তব্য যে এই পাঁচখন ৰাফেল বিমান মে’ মাহতে ভাৰতলৈ অনাৰ কথা আছিল যদিও ক’ৰ’না মহামাৰীৰ বাবে ইয়াৰ যোগানত কিছু পলম হৈছিল।

আনহাতে ৩৬ খন বিমানৰ ১৮ খন বিমান অহা বছৰৰ ফেব্ৰুৱাৰি মাহত আৰু বাকী কেইখন ২০২২ বৰ্ষৰ এপ্ৰিল-মে’ মাহত ভাৰতে লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।