NORTHEAST NOW (Assamese)

পশ্চিম কাৰ্বি আংলঙত ভয়ংকৰ পথ দুৰ্ঘটনাত ৫ জন লোক নিহত, আহত ৫০ জন

December 3, 2018 10:19 am · এন ই নাও নিউজ

পশ্চিম কাৰ্বি আংলঙ জিলাত দেওবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ৫জন লোক নিহত হোৱাৰ লগতে আন ৫০ জনতকৈও অধিক লোক আহত হয়। আহতসকলৰ মাজত কেইবাজনৰো অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

এখন যাত্ৰী ভৰ্তি ট্ৰাক পথৰ কাষৰ খাৱৈত বাগৰি পৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব মতে দেওবাৰে আবেলি ৩-৩০ মান বজাত প্ৰায় ষাঠি-সত্তৰ জন লোক প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন কৰি ট্ৰাকখনত ঘৰলৈ উভতি অহাৰ পথত জিলাখনৰ ভিতৰুৱা জিৰিকিনডেং অঞ্চলৰ মুখিম পথৰ এটা খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুজন লোকৰ হাস্পাতললৈ নিয়াৰ পথত মৃত্যু হোৱাৰ লগতে আন তিনিজন লোকে হাস্পাতলত মৃত্যুক সাৱটি লোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খৱৰ পোৱাৰ পাছত জিলা প্ৰশাসন তথা আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ট্ৰাকখনৰ চালকজন অপ্ৰকৃতিস্থ অৱস্থাত আছিল বুলি সন্দেহ কৰা হৈছে।

Related News