• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অগপৰ নিৰ্বাচনী চমক : অখ্যাত কবিৰ হৃদয়স্পৰ্শী ধ্বনি কবিতাৰে আলোড়ন সৃষ্টি

NE NOW NEWS বিদ্যুৎ জ্যোতি বৰা
চামগুৰি , December 3, 2018 9:20 am

2 min read

chamaguri poem.image.jpg 2

চামগুৰিত নিৰ্বাচনী প্ৰচাৰত কবিতাৰ চমক। ফটো : নৰ্থইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

‘’হেৰ‘ অসমীয়া কথাত নুভুলিবা শতৰুৰ বুজিবা নীতি, উতলা তেজত চেকুৰা নেবান্ধে আমি লাচিতৰ নাতি৷ বঙহেই বঙহক খাবলৈ ওলাইছে নাথাকিব ভাষা-জাতি-মাটি, যদিহে অসমীয়া জাকি মাৰি নোলোৱা কাললৈ নুমাব চাকি ৷ তাহানিৰ বদনে মান আনি পুৰিলে পৰাধীন কৰিলে জাতি, এতিয়াৰ বদনে জাতিটোকে বেচি আজুৰিব খুজিছে গাদী ৷ হেৰ‘ অসমীয়া কথাত নুভুলিবা শতৰুৰ বুজিবা নীতি, উতলা তেজত চেকুৰা নেবান্ধে আমি লাচিতৰ নাতি ৷৷’’

অখ্যাত কোনো কবিৰ এই হৃদয়স্পৰ্শী কবিতাৰ ধ্বনিয়ে  চামগুৰি সমষ্টিৰ অন্তৰ্গত চামগুৰি আৰু বাজিয়াগাঁও জিলা পৰিষদৰ এলেকাধীন বৃহত্তৰ অঞ্চলটোৰ সৰ্ব সাধাৰণ ৰাইজৰ মাজত আলোড়নৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব খোজা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ ৭০ টা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাঁথো দুটাদিন বাকী থকাৰ মূহুৰ্তত দেওবাৰে চামগুৰিত ব্যাপক প্ৰচাৰ লাভ কৰা কবিতাটোৱে সচেতন ভোটাৰ ৰাইজৰ বিবেক-বিবেচনাৰ দুৱাৰ মুকলি কৰিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ৷

অসম তথা উত্তৰ পূৰ্বাঞ্চল হিন্দু বাংলাদেশীৰ চৰণীয়া পথাৰ হোৱাৰ আশংকাত ভীতিগ্ৰস্ত খিলঞ্জীয়াই উক্ত বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো পঞ্চায়ত নিৰ্বাচনত বিষয়টোৱে ক্ষতি কৰিব বুলি আশংকা কৰি ৰাজ্য চৰকাৰে সম্প্ৰতি মৌনতা অৱলম্বন কৰিছে বুলিও ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ৷

এনে সময়তে প্ৰচাৰিত তথা ধ্বনি কবিতাৰে জনোৱা আহ্বানত আকৃষ্ট হৈ দেওবাৰে বহু কেইজন কংগ্ৰেছ আৰু বিজেপি দলৰ নেতা কৰ্মীয়ে অগপ দলত যোগদান কৰিছে বুলি জানিব পৰা গৈছে ৷ সূতাৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডত অগপৰ নগাঁও জিলা সমিতিৰ উপ সভাপতি জয়ন্ত কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ নিৰ্বাচনী সভাত সূতাৰ মণ্ডল কংগ্ৰেছৰ সম্পাদক হৰেন বৰা,সূতাৰগাঁও গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিলীপ সেনাপতি আৰু বিজেপিৰ প্ৰাক্তন বুথ সভাপতি পূৰ্ণেশ্বৰ শইকীয়াৰ নেতৃত্বত বহু সংখ্যক নিজ দলৰ কৰ্মী-সমৰ্থকে অগপ দলত যোগদান কৰে ৷ সভাত ৰূপহী হাট সমষ্টিৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান, অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোপাল ভূঁঞা উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷

আনহাতে, চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সমষ্টিটোৰ অন্তৰ্গত ভেলেউগুৰি,ৰঙাগড়া,আমনি,বৰমাবিল,কাৱৈমাৰী,লাওখোৱা,ভাটিয়াখালি আৰু শিঙিমাৰীত নিৰ্ব্বাচনী  সভা অনুষ্ঠিত কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে কংগ্ৰেছ দলৰ লগতে বিজেপি দলৰ স্থানীয় নেতা-কৰ্মীয়ে অগপত যোগদান কৰা বিষয়টোত আজি অগপ দলে প্ৰচাৰ কৰা ধ্বনি কবিতাৰ প্ৰভাৱ আছে নেকি বুলি প্ৰশ্ন উত্থাপন হোৱাৰ লগতে বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd