বিবাহৰ পূৰ্বে পত্নীক সোধক এই ৫ টা প্ৰশ্ন : উপেক্ষা কৰিলে যতি পৰিব পাৰে সংসাৰ!

বৰ্তমান প্ৰেমৰ সম্পৰ্কত থকা দম্পতীয়ে বিবাহৰ পূৰ্বেও যৌন সম্পৰ্ক স্থাপন কৰাতো প্ৰায় স্বাভাৱিক ঘটনা হৈ পৰিছে। কিন্তু পৰিয়ালৰ মানুহে ঠিক কৰি দিয়া বিবাহৰ ক্ষেত্ৰত এতিয়াও শাৰীৰিক সম্পৰ্কতো দূৰৰে কথা কিছুমান বিবাহৰ ক্ষেত্ৰত স্বামী-স্ত্ৰীয়ে পৰস্পৰে পৰস্পৰক বুজিবলৈকো সুযোগ লাভ নকৰে।

এনে বিবাহত স্বামী-স্ত্ৰীয়ে ঘনিষ্ঠতা সৃষ্টিৰ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। কাৰণ এনে স্বামী-স্ত্ৰী ইজনে সিজনৰ বাবে অচিনাকি। গতিকে ঘনিষ্ঠতা গঢ়ি তোলাৰ আগতে দুয়োৱে দুয়োকে সঠিকভাৱে চিনি পোৱাটো প্ৰয়োজন। তেওঁলোকে নিজৰ মাজত আৱেগিক বন্ধন গঢ়ি তুলিব লাগিব আৰু তেতিয়াহে দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱাটো সম্ভৱ।

বিশেষজ্ঞসকলৰ মতে বিবাহৰ পিছতে বহু পুৰুষে পত্নীৰে যৌন সম্পৰ্ক গঢ়ি তুলিবলৈ বৰ লৰালৰি কৰে। বহুতে নৱবিবাহিতা পত্নীৰ দুখ-যন্ত্ৰণাক উপেক্ষাও কৰে। স্বামীৰ এনে আচৰণৰ বাবে একাংশ নৱবিবাহিতা পত্নীৰ স্বামীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়।

গতিকে বিয়াৰ পিছত পত্নীৰ সৈতে কেমিষ্ট্ৰী গঢ়ি তুলিবলৈ কিছু সময় ব্যয় কৰিব লাগে। তাৰ পাছতহে অৰ্ধংগিনীৰ লগত শাৰীৰিক ঘনিষ্ঠতা সৃষ্টি কৰিবলৈ চেষ্টা কৰা উচিত। মনত ৰখা উচিত বৰ্তমান প্ৰজন্মৰ নাৰী যথেষ্ট আত্মসচেতন লগতে আত্মমৰ্যাদা আৰু আত্মসন্মানক লৈ যথেষ্ট সতৰ্ক।

এনে ক্ষেত্ৰত স্বামীয়ে পত্নীৰে শাৰীৰিকভাৱে অন্তৰংগ হোৱাৰ আগতে ৫ টা প্ৰশ্ন সুধিব পাৰে। এই ৫ টা প্ৰশ্নৰ উত্তৰ শুনাৰ পিছতহে তেওঁ পত্নীৰ ওচৰ চপা উচিত। নহ’লে সংসাৰত বিজুতি ঘটাৰ সম্ভাৱনা থাকে।

১. আমি দুয়ো সাজু নে?

শাৰীৰিক ঘনিষ্ঠতা গঢ়ি তোলাৰ আগতে পত্নীক সদায় সুধিব যে আমি দুয়ো সাজু নে? চাওক তেওঁ কি উত্তৰ দিয়ে। যদি তেওঁ কয় হয়, মই যৌন সম্পৰ্কৰ বাবে সাজু, তেন্তে আপুনি আৰু অপেক্ষা কৰাৰ প্ৰয়োজন নাই। এই সময়ৰ পৰা আপুনি আপোনাৰ সম্পৰ্কক এক নতুন স্তৰলৈ লৈ যাব পাৰিব। আৰু যদি তেওঁ কয় যে তেওঁ এতিয়াও সাজু হোৱা নাই, তেন্তে আপোনাৰ হাতত অপেক্ষা কৰাৰ বাহিৰে আন কোনো বিকল্প নাই।

২. মোক কিবা সুধিবা নেকি?

শাৰীৰিক ঘনিষ্ঠতা সৃষ্টি কৰাৰ আগতে বহু সময়ত মহিলাসকলৰ মনত বহু প্ৰশ্নই অগাদেৱা কৰি থাকে। তেওঁলোকে বিভিন্ন কথা জানিব বিচাৰে। গতিকে ঘনিষ্ঠতা গঢ়ি তোলাৰ আগতে পত্নীৰ মনত কিবা প্ৰশ্ন আছে নেকি সেইটো জানিবলৈ চেষ্টা কৰক। কিবা সুধিলে সোনকালে উত্তৰ দিব। ইয়াৰ পিছত আপোনাৰ সম্পৰ্কই নতুন দিশ ল’ব পাৰে।

৩. কিবা ক’বলৈ মন গৈছে নেকি?

তেনে সময়ত নাৰীৰ মনৰ ভিতৰত বহুতো মূল্যবোধ, অহংকাৰ, গোপনীয়তা আদিয়ে জুমুৰি দি থাকে। আৰু শাৰীৰিক ঘনিষ্ঠতা গঢ়ি তোলাৰ আগতে তেওঁলোকে এইবোৰ কথা নিজৰ ঘনিষ্ঠ ব্যক্তিজনৰ লগত শ্বেয়াৰ কৰিব বিচাৰে। গতিকে অন্তৰংগ মুহূৰ্ত সৃষ্টি কৰাৰ আগতে তেওঁৰ মনটোক সুধিব পাৰে। এই কাম কৰিব পাৰিলেহে আপোনাৰ সম্পৰ্কৰ ভেটি মজবুত হ’ব।

৪. সম্পৰ্কৰ বান্ধোন মজবুত হৈছেনে?

যিকোনো ধৰণৰ শাৰীৰিক অন্তৰংগতাৰ আগত সম্পৰ্কৰ বান্ধোন মজবুত কৰাটো গুৰুত্বপূৰ্ণ। আচলতে দুজন মানুহ যদি আৱেগিকভাৱে ঘনিষ্ঠ নহয়, শাৰীৰিকভাৱে লগ হ’লেও সম্পৰ্কটোত বিশেষ প্ৰভাৱ নপৰে। গতিকে প্ৰথমে পত্নীৰ মনৰ তনপুৰাৰ সুৰ জনা উচিত। গতিকে তেওঁক সম্পৰ্কৰ ভিত্তিৰ বিষয়ে সুধিব। যদি এই প্ৰশ্নৰ উত্তৰ ইতিবাচক হয় তেন্তে শাৰীৰিক ঘনিষ্ঠতালৈ আগবঢ়াতো উচিত।

৫. মোৰ পৰা কিবা জানিব বিচৰা নেকি?

প্ৰতিগৰাকী পত্নীয়ে স্বামীৰ পৰা কিছুমান বিশেষ কথা আশা কৰে। আপোনাৰ পত্নীও ইয়াৰ ব্যতিক্ৰম নহয়। গতিকে শাৰীৰিক সম্পৰ্ক গঢ়ি তোলাৰ আগতে তেওঁৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনাটো প্ৰয়োজনীয়। তেওঁ আপোনাৰ পৰা কি বিচাৰে সেই কথা জানিলে আপোনাৰ উপকাৰ হ’ব। তাৰ পিছত তেওঁৰ ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰক। আপুনি দেখিব যে আপোনাৰ শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিবলৈ সময় নালাগিব।