NORTHEAST NOW (Assamese)

মাওবাদীৰে সংঘৰ্ষ : নিহত নিৰাপত্তাৰক্ষীৰ সংখ্যা ৫ জনলৈ বৃদ্ধি; আহত ১৪ গৰাকী নিৰাপত্তাৰক্ষী

April 3, 2021 6:33 pm · এন ই নাও নিউজ
Updated: April 3, 2021 6:35 pm

মাওবাদীৰে হোৱা সংঘৰ্ষত ৫ গৰাকী নিৰাপত্তাৰক্ষী নিহত হৈছে।

ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ টেৰাম অঞ্চলত মাওবাদীৰে হোৱা সংঘৰ্ষত পাঁচগৰাকী নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে বহুকেইগৰাকী নিৰাপত্তাৰক্ষী আহত হৈছে।

কেন্দ্ৰীয় সংৰক্ষিত অৰ্ধ সামৰিক বাহিনী(CFPF) আৰু ক’ব্ৰা কামাণ্ডসহ স্পিটিয়েল টাস্ক ফ’ৰ্ছৰ এটা দলে মাওবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে মাওবাদী গেৰিলাই দলটোৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰে।

“কৰ্তব্যৰত পাঁচ নিৰাপত্তাৰক্ষী নিহত হৈছে। কেবাগৰাকী মাওবাদীৰো মৃত্যু হৈছে। মাওবাদীৰ দলটোৰ বিস্তৰ ক্ষতি হৈছে।” এগৰাকী জ্যেষ্ঠ বিষয়া অশোক জুনেজাই কয়।

অৱশ্যে সংঘৰ্ষটোত কিমান গৰাকী মাওবাদী নিহত হৈছে সেয়া স্পষ্টভাৱে প্ৰকাশ কৰা নাই বিষয়াগৰাকীয়ে।

উল্লেখ্য যে ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ বাছত মাওবাদীয়ে আক্ৰমণ সংঘটিত কৰি ৫ গৰাকী আৰক্ষীক হত্যা কৰা পিছতে এই সংঘৰ্ষটো সংঘটিত হৈছে।

সংঘৰ্ষটোত ১৪ গৰাকী নিৰাপত্তাৰক্ষী আহত হৈছে।

Related News