NORTHEAST NOW (Assamese)

ওদালগুৰিত বসন্ত-ৰুবেলাৰ প্ৰতিষেধক লৈ অজ্ঞান হৈ পৰিল ৫ গৰাকী ছাত্ৰ-ছাত্ৰী

August 25, 2018 12:42 pm · ছাজিদ খান

শুকুৰবাৰে ওদালগুৰি জিলাৰ হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০ ৰ পৰা ১০ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদান কৰি থকা অৱস্থাত ৫ গৰাকী ছাত্ৰ-ছাত্ৰী অজ্ঞান হৈ পৰাৰ বাতৰি পোৱা গৈছে।

অজ্ঞান হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ দুগৰাকী  হৈছে প্ৰিয়ংকা ছাংমা (১৪)আৰু এডৱাৰ্ড দৈমাৰী(১২)। বাকী কেইজৰাকী ছাত্ৰ-ছাত্ৰীৰ নাম জানিব পৰা হোৱা নাই। বৰ্তমান ছাত্ৰ-ছাত্ৰীকেইগৰাকীক ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।

চিকিৎসালয় সূত্ৰই নৰ্থ-ইষ্ট নাওৰ আগত সদৰি কৰা মতে মুঠ ২২০ গৰাকী ছাত্ৰ-ছাত্ৰীক বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদান কৰা হৈছিল। জিলা প্ৰতিষেধক প্ৰদান বিষয়া গণেশ চন্দ্ৰ ব্ৰহ্মই নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰিছে ‘‘আমি তেওঁলোকৰ তেওঁৰ নমুনা সংগ্ৰহ কৰিছোঁ, তেওঁলোকৰ তেজৰ নমুনাত মেলেৰিয়া বা টাইফইডৰ সংক্ৰমণ ধৰা পৰা নাই। মাত্ৰ শাৰীৰিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীকেইজনহে অজ্ঞান হৈ পৰিছে।’’

অজ্ঞান হৈ পৰা ছাত্ৰ-ছাত্ৰীকেইগৰাকীৰ উপৰিও প্ৰতিষেধক গ্ৰহণ কৰা আন কেইগৰাকী মান ছাত্ৰ-ছত্ৰীয়েও অসুস্থ অনুভৱ কৰিছিল বুলি ব্যক্ত কৰিছে। ব্ৰহ্মই জনাইছে যে ওদালগুৰি জিলাত বসন্ত-ৰুবেলাৰ প্ৰতিষেধকৰ পৰা এই প্ৰথম এনে ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে।

উল্লেখ্য যে অসমৰ আন আন অংশৰ লগতে ওদালগুৰিতো ৯ মাহৰ শিশুৰ পৰা ১৫ বছৰৰ বয়সৰ কিশোৰ-কিশোৰীসকলক বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।

স্বাস্থ্য বিভাগৰ সূত্ৰ এটাই জানিবলৈ দিছে যে কিছু সংখ্যক পিতৃ-মাতৃয়ে শংকাৰ বাবে  তেওঁলোকৰ সন্তানক প্ৰতিষেধক প্ৰদানত দিওৱাৰ পৰা বিৰত আছে। কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নিজেও প্ৰতিষেধক লোৱাৰ পৰা বিৰত আছে।

Related News