তপত দাইলত পৰি ৫ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

অনুষ্ঠান চলি থকাৰ মাজতে ৰান্ধনীয়ে এখন বিচনাৰ কাষতে ৰাখিছিল অনুষ্ঠানৰ অতিথিৰ বাবে ৰন্ধা এটা দাইলৰ পাত্ৰ এখন । সেইখন বিচনাতে খেলিবলৈ উঠে ৫ বছৰীয়া প্ৰশান্ত নামৰ শিশুটি। খেলি থকাৰ মাজতে বিচনাৰ পৰা তলত থোৱা দাইলৰ গৰম পাত্ৰটোত পৰি যায় শিশুটি।

নিজৰ মুণ্ডনৰ অনুষ্ঠানৰ দিনতেই উত্তপ্ত দাইলৰ পাত্ৰত পৰি কৰুণ মৃত্যুক সাৱটি ল’লে এটি ৫ বছৰীয়া শিশুৱে। অনুষ্ঠানলৈ অহা অতিথিক খুৱাবলৈ বুলি ৰান্ধি থোৱা দাইলৰ এটা গৰম পাত্ৰত পৰি প্ৰাণ হেৰুওৱালে কণমাণিটিয়ে।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ কৰণপুৰ সুতাৰী গাঁৱত। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পেছাত কৃষক সুশীল সিঙৰ ৫ বছৰীয়া পুত্ৰ প্ৰশান্তৰ মুণ্ডন অনুষ্ঠান উপলক্ষে কৰণপুৰ সুতাৰী গাঁৱত এক মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিছিল।

মাংগলিক অনুষ্ঠান চলি থকাৰ মাজতে ৰান্ধনীয়ে এখন বিচনাৰ কাষতে ৰাখিছিল অনুষ্ঠানৰ অতিথিৰ বাবে ৰন্ধা এটা দাইলৰ পাত্ৰ এখন । সেইখন বিচনাতে খেলিবলৈ উঠে ৫ বছৰীয়া প্ৰশান্ত নামৰ শিশুটি। খেলি থকাৰ মাজতে বিচনাৰ পৰা তলত থোৱা দাইলৰ গৰম পাত্ৰটোত পৰি যায় শিশুটি।

দাইলৰ পাত্ৰটোত ছটফটাই থকা প্ৰশান্তক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ৰাস্তাতে মৃত্যু হয় প্ৰশান্তৰ। 

শিশুটিৰ পিতৃ সুশীল সিঙে সংবাদ মাধ্যমৰ আগত কয় যে  “আমি লগে লগে তাক ওচৰৰ চিকিৎসালয়লৈ লৈ গৈছিলোঁ যদিও চিকিৎসকে তাৰ পৰা তাক মেৰুটৰ চিকিৎসালয়লৈ  লৈ যাবলৈ কয়। মীৰুটলৈ যোৱাৰ পথতে প্ৰশান্তৰ মৃত্যু হয়।“

আমৰোহৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা হোৱা নাই। অভিযোগ থাকিলে বিষয়টোৰ তদন্ত কৰা হ’ব।