NORTHEAST NOW (Assamese)

তিনিচুকীয়াত ৫০০ বিচনাযুক্ত ক’ভিড কেন্দ্ৰ মুকলি

September 30, 2020 7:48 am · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

তিনিচুকীয়া নগৰৰ সমীপৱৰ্তী বৰগুৰিৰ সৰ্বানন্দ সিংহ নগৰস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (চাই) ষ্টেডিয়ামত মঙলবাৰে ক’ভিড চিকিৎসা কেন্দ্ৰ এটি মুকলি কৰে।

অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিশানে ক’ভিড চিকিৎসা কেন্দ্ৰটি মুকলি কৰে।

কেন্দ্ৰটোত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে পাঁচ শ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে।

পাঁচ শ খন বিচনাযুক্ত এই কেন্দ্ৰটোৱে ক’ভিড ৰোগী সকলৰ থকা আৰু চিকিৎসা কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ’ব বুলি শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে উল্লেখ কৰে।

উল্লেখযোগ্য যে, পূৰ্বৰে পৰা চাইৰ এই কেন্দ্ৰটোত ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ চিকিৎসা চলি আহিছে। আজি পুনৰ পাঁচ শ খন বিচনাযুক্ত ক’ভিড কেন্দ্ৰ মুকলি কৰা বিষয়টো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

ক’ভিড চিকিৎসা কেন্দ্ৰ মুকলি অনুষ্ঠানত তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতি, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আলটাফ আহমেদ আদি উপস্থিত আছিল ।

Related News