হাৰিয়ানাৰ ৰাখি গঢ়িত ৫০০০ বছৰ পুৰণি গহনা নিৰ্মাণ কাৰখানা উদ্ধাৰ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ

Indus Valley site Rakhi Garhi

যোৱা ৩২ বছৰ ধৰি হাৰিয়ানাৰ ৰাখি গঢ়িত জৰীপত ব্যস্ত থকা ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)- এ এক বৃহৎ সফলতা লাভ কৰিছে। অঞ্চলটোত ৫০০০ বছৰ পুৰণি গহনা নিৰ্মাণ কাৰখানাৰ সন্ধান লাভ কৰিছে বিভাগটোৱে।

উল্লেখ্য যে ৰাখি গঢ়ি হাৰিয়ানাৰ হিছাৰ জিলাৰ সিন্ধু সভ্যতাৰ আটাইতকৈ পুৰণি পুৰাতাত্ত্বিক স্থানসমূহৰ ভিতৰত অন্যতম।

খননৰ সময়ত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে কিছুমান ঘৰৰ গাঁথনি, এটা পাকঘৰ ৰন্ধনশালা আৰু ৫০০০ বছৰ পুৰণি গহনা নিৰ্মাণ কাৰখানা উদ্ধাৰ কৰে।

ইয়াৰ দ্বাৰা উক্ত স্থানটি এসময়ত অতি গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰ আছিল বুলি সন্দেহ কৰা হৈছে। লগতে উক্ত স্থানত হাজাৰ হাজাৰ বছৰ ধৰি লুকাই থকা তাম আৰু সোণৰ গহনাও পোৱা গৈছে।

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে যোৱা দুমাহত ৰাখি গঢ়িত বহু সমল আৱিষ্কাৰ কৰিছে। খননস্থলীত হাজাৰ হাজাৰ মাটিৰ পাত্ৰ, ৰাজকীয় মোহৰ আৰু শিশুৰ পুতলাও খনন কৰা হৈছে।

বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড০ সঞ্জয় মঞ্জুলে কয়, “আমি যোৱা ২০ বছৰত চিনাউলি, হস্তিনাপুৰ আৰু ৰাখিগঢ়িৰ ওপৰত যথেষ্ট কাম কৰিছো।”

ৰাখিগঢ়িৰ লোকসকল হস্তিনাপুৰৰ জনসাধাৰণৰ পূৰ্বপুৰুষ আছিল আৰু ইয়াৰ পৰা সংস্কৃতিয়ে বিকাশ আৰু গতি লাভ কৰিছিল বুলিও তেওঁ সম্ভাৱনীয়তা প্ৰকাশ কৰে।