মধ্যপ্ৰদেশত খ্ৰীষ্টানসকলৰ ওপৰত বজ্ৰং কৰ্মীৰ আক্ৰমণৰ প্ৰতিবাদত ৭ জানুৱাৰিত গাৰোপাহাৰৰ গীৰ্জাসমূহৰ প্ৰতিবাদমূলক বিশেষ প্ৰাৰ্থনা

বজ্ৰং দল

গাৰোপাহাৰৰ গীৰ্জা সমূহে অহা ৭ জানুৱাৰিত প্ৰতিবাদ সাব্যস্ত কৰিব। মধ্যপ্ৰদেশৰ ৱিডিচাৰ চেইণ্ট মেৰিজ পি জি কলেজৰ এ বি ভি পিয়ে যোৱা ৪ জানুৱাৰিত এক বিশেষ ধৰণৰ পূজা আগবঢ়োৱাৰ প্ৰচেষ্টা চলোৱাৰ পিছতে প্ৰতিবাদৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সেইদিনাখন গীৰ্জা সমূহে উত্তৰ-ভাৰতত সঘনে বজ্ৰং দলৰ আক্ৰমণৰ সন্মুখীন হোৱা খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলৰ হৈ প্ৰাৰ্থনা আগবঢ়োৱাৰ যোগেৰে প্ৰতিবাদ সাব্যস্ত কৰিব।

টুৰাৰ বিশ্বপে আজি প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত কোৱা হৈছে, ‘সংখ্যালঘু সম্প্ৰদায় সমূহৰ বিৰুদ্ধে বিশেষকৈ উত্তৰ ভাৰতত বাঢ়ি অহা অসহিষ্ণুতা আৰু হিংসা মেঘালয়ৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ বাবে এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে।’

বিবৃতিটোত লগতে কোৱা হৈছে, ‘গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ হস্তক্ষেপত যদিও উক্ত প্ৰচেষ্টা বিফল হ’ল তথাপি ভয় আৰু উদ্বিগ্নতা লৈ তাত জীয়াই থাকিব লগা হোৱা তেনেই কম সংখ্যক সংখ্যালঘু খ্ৰীষ্টান সচাঁকৈয়ে এক চিন্তাৰ কাৰণ।’

বিবৃতিটোৰ মতে এই আসামাজিক শক্তি সমূহে চৌপাশৰ দেৱাল পাৰ হৈ পূৰ্বতেও যোৱা ৩০ ডিচেম্বৰত একেখন কলেজতে আক্ৰমণ চলাইছিল।

ইয়াত লগতে কোৱা হৈছে যে ২০ গৰাকীতকৈও অধিক আৰক্ষী উপস্থিত থকা অৱস্থাতে সংঘটিত হোৱা এই আক্ৰমণৰ সময়ত আৰক্ষী সকল কেৱল নীৰৱ দৰ্শক হৈ ৰৈছিল। বিবৃতিটোত কোৱা হৈছে, ‘এই ধৰণৰ সন্ত্ৰাসবাদ অগ্ৰহণযোগ্য। এই ভুৱা জাতীয়তাবাদ বন্ধ হ’বই লাগিব। পূৰ্বে চটনা জিলাত দেখাৰ দৰে এই ধৰণৰ দলবদ্ধ আক্ৰমণবোৰে সাহস পোৱাটো উদ্বেগজনক আৰু আমনিদায়ক।’

বিবৃতিটোৱে কয় যে ভাৰতৰ কেথলিক বিশ্বপ সন্মিলনে প্ৰেৰণ কৰা অধিবক্তা দলে প্ৰতিবেদন দিছে যে সংখ্যালঘু খ্ৰীষ্টান সম্প্ৰদায় ভয় আৰু উদ্বেগৰ মাজত আছে। তেওঁলোকৰ মতে বজ্ৰং দলৰ কৰ্মীসকলে খ্ৰীষ্টান সকলৰ বিৰুদ্ধে অশ্লীল ভাষাত শ্ল’গান দিছিল।

বিবৃতিটোত কোৱা হৈছে, ‘বজ্ৰং দলৰ কৰ্মীসকলে আমাৰ ভাতৃসকল আৰু যাজক সকলক এজন এজনকৈ আগবাঢ়ি আহিবলৈ দি প্ৰত্যেকৰে ফটো আৰু ফোন নাম্বাৰ লৈছিল আৰু আৰক্ষীয়ে নীৰৱে চাই আছিল। এনে লাগিছিল যেন আৰক্ষীৰ পৃষ্ঠপোষকতাত বজ্ৰং দলৰ কৰ্মীসকলে সম্পূৰ্ণ ঘটনাটোৰ পৰিকল্পনা আৰু পৰিচালনা কৰিছিল। বজ্ৰং কৰ্মীসকলে ইমান নিৰ্মমভাৱে ঠেলা-গতা সোধাইছিল যে বহুজনে আঘাত পাব লগীয়া হৈছিল। তেওঁলোকে আমাৰ ভাতৃসকলক জয় শ্ৰীৰাম, জয় বজ্ৰংবলী ক’বলৈ জোৰ কৰিছিল।’

এই ঘটনাটোৰ লগতে গো-ৰক্ষা সম্পৰ্কীয় আৰু উত্তৰ প্ৰদেশৰ এজন বিধায়কে গো-হত্যা কৰা সকলৰ ঠেং ভাঙিব বুলি দিয়া ভাবুকি আদি ঘটনা দেশৰ সামাজিক সম্প্ৰীতি আৰু উন্নয়নৰ প্ৰতি একোটা ভাবুকি। এনে লাগিছে যেন এই শক্তি সমূহৰ প্ৰতি সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহৰ সমৰ্থন আছে।

বিবৃতিটোত লগতে তেওঁলোকৰ উত্তৰ ভাৰতৰ ভাই-ভনীসকলৰ হৈ প্ৰাৰ্থনা কৰাৰ বাবে আৰু ৭ জানুৱাৰিৰ দিনা সংখ্যালঘু বিৰোধী মানসিকতাৰ বিৰুদ্ধে প্ৰাৰ্থনাৰ দিনৰূপে সমগ্ৰ গাৰোপাহাৰতে বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত কৰাৰ বাবে গীৰ্জাৰ নেতাসকলে সকলোকে আহ্বান জনায়।