মহিলাৰ ডিম্বাশয়ৰ পৰা দিল্লীৰ চিকিৎসকে উলিয়ালে ৫০ কিলোগ্ৰাম ওজনৰ টিউমাৰ!

apollo-tumour

এটা পঞ্চাশ কিলোগ্ৰাম ওজনৰ টিউমাৰ দেহত লৈ মহিলা গৰাকীয়ে ঘূৰি ফুৰিছিল।

তেওঁ জনা নাছিল যে তেওঁৰ দেহত ইমান ওজনৰ টিউমাৰ এটা আছে। প্ৰতিমাহে মহিলা গৰাকীৰ দেহৰ ওজন বৃদ্ধি পাই গৈছিল।

নতুন দিল্লীৰ ৫২ বছৰীয়া মহিলা গৰাকীয়ে দেহৰ ওজন কমাবলৈ ডায়েটিং কৰিবলৈ আৰম্ভ কৰিছিল।

কিন্তু তেওঁৰ দেহৰ ওজন কমক চাৰি বাঢ়িহে গৈছিল। অৱশেষত তেওঁ স্থানীয় চিকিৎসক এগৰাকীৰ কাষ চাপিল।

চিকিৎসক জনে কিবা সন্দেহ কৰি তেওঁক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিলে নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পাতাললৈ।

ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পাতালৰ চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ অন্তত নিশ্চিত হ’ল যে মহিলা গৰাকীৰ ডিম্বাশয়ত এটা বিশাল টিউমাৰ আছে।

ইমান বিশাল টিউমাৰ এটা থকাৰ পিছতো অৱশ্যে মহিলা গৰাকীয়ে বিশেষ কোনো শাৰীৰিক অসুবিধা পোৱা নাছিল।

তেওঁৰ ভোক কমি গৈছিল আৰু মাজে মাজে পেটৰ বিষ হৈছিল।

ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পাতালৰ চিকিৎসকে লগে লগে তেওঁৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰে।

প্ৰায় চাৰে তিনি ঘণ্টাৰ অস্ত্ৰোপচাৰৰ পিছত চিকিৎসকে মহিলা গৰাকীৰ ডিম্বাশয়ৰ পৰা উলিয়াই আনে ৫০ কিলোগ্ৰাম ওজনৰ এটা বিশাল টিউমাৰ।

এই অতি জটিল অস্ত্ৰোপচাৰটো সম্পন্ন কৰে ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পাতালৰ চিকিৎসক ক্ৰমে-ডাঃ অৰুণ প্ৰসাদ,অভিষেক তিৱাৰী,গীতা চাধা আৰু জয়া জৰ্জে।

অস্ত্ৰোপচাৰটো সম্পন্ন কৰি চিকিৎসক অভিষেক তিৱাৰীয়ে কয় যে ইমান ডাঙৰ টিউমাৰ ইয়াৰ পূৰ্বে ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পাতালত অস্ত্ৰোপচাৰ কৰি উলিওৱা হোৱা নাছিল।

এয়া তেওঁলোকৰ বাবে এক নতুন অভিজ্ঞতা। বৰ্তমান মহিলা গৰাকী সম্পূৰ্ণ সুস্থ হৈ আছে।