আজিৰে পৰা আৰম্ভ হ’ল ১৫সংখ্যক সৰ্বভাৰতীয় আনথাইগ্ৰা বডোছা ভলীবল প্ৰতিযোগিতাৰ

উপ মণ্ডল বিষয়া দিঠকানন্দ হাজৰিকা প্ৰতিযোগিতাখনৰ উদ্বোধনৰ মুহুৰ্তত

খাগ্ৰাবাৰী ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত ১৫সংখ্যক সৰ্বভাৰতীয় আনথাইগ্ৰা বডোছা ভলীবল প্ৰতিযোগিতাখন আজিৰে পৰা ওদালগুৰিৰ খাগ্ৰাবাৰী জনতা হাইস্কুল আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে শুভাৰম্ভণি হ’ল।

অসম ভলীবল সন্থাৰ সৌজন্যত খাগ্ৰাবাৰী ক্ৰীড়া সন্থাই আয়োজন কৰা ভলীবল প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক ভাবে শুভউদ্বোধন কৰে ভেৰগাওঁৰ উপ মণ্ডল বিষয়া দিঠকানন্দ হাজৰিকাই।

ই এম বিটিচিৰ লামশ্ৰাও দৈমাৰীয়ে বড়োলেণ্ড আন্দোলনৰ সময়ত আনথাইগ্ৰা বডোছাৰ অৱদানৰ লগতে প্ৰথম চহিদজনক শ্ৰদ্ধাৰে সোৱঁৰে। উক্ত অনুষ্ঠানতে দৈমাৰীয়ে স্মৃাৰক ‘বিচম্ব’ৰ শুভউদ্বোধন কৰে। বিটিচিৰ উপ অধ্যক্ষ নেৰশ্যন বড়ো, পানেৰীৰ বিধায়ক কমলী বসুমতাৰীৰ লগতে অন্য বিষয়া তথা অঞ্চলবাসীয়ে শুভউদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাখনত অসম তথা দেশৰ বিভিন্ন অঞ্চলৰ পৰা অহা মুঠ আঠটা দলে খিতাপ দখলৰ বাবে যুজ দিব। উদ্বোধনী অনুষ্ঠানৰ পিছতে প্ৰথমখন খেলত এন এফ ৰেল’ৱে আৰু এছ এছ বি আগৰতলা মুখা মুখি হয়। খেলখনত এন এফ ৰেল’ৱেই এছ এছ বি আগৰতলাক ৩-০ছেটত পৰাজিত কৰে।

মনকৰিবলগীয়া যে আজিৰে পৰা আৰম্ভ হোৱা ভলীবল প্ৰতিযোগিতাখনৰ সামৰণি পৰিব জানুৱাৰীৰ ৯তাৰিখে।