মাৰ্ঘেৰিটাৰ তিৰাপ সমবায় সমিতিৰ পৰা ৫৪ বেগ চাউল চুৰি

54 bags rice stolen from Tirap co-operative committee in Margherita

মাৰ্ঘেৰিটা মহকুমাৰ তিৰাপ সমবায় সমিতিৰ পৰা ৫৪ বেগ চাউল চুৰি হোৱাৰ ঘটনা আজি পোহৰলৈ আহিছে।

পৰিচালনা সমিতি আৰু এজেণ্টৰ বুজাবুজিৰে এই চাউলখিনি চুৰ কৰি বিক্ৰী কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে তিৰাপ সমবায় সমিতি অধীনস্থ এজেণ্ট জাগুন গাঁও পঞ্চায়তৰ অন্তৰ্গত মুকুট চেতিয়া, কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত তাৰা চেতিয়া আৰু পূৰ্ণকান্ত গগৈ আৰু লেখাপানী গাওঁ পাঞ্চায়তৰ অন্তৰ্গত দীপক গিৰিৰ অংশৰ প্ৰায় ৩৬ বেগ চাউল আৰু ১৮ বেগ সমবায় সমিতিৰ পৰা মুঠ ৫৪ বেগ তিৰাপ সমবায় সমিতিৰ পৰিচালনা সমিতিৰ সদস্য ক্ৰমে বলৰাম শৰ্মা আৰু গহীন বাসুমতাৰী য়ে ১৮ টকা প্ৰতি কেজি গঢ়ত সুৰামণি উপাধ্যায় নামৰ আন এজন এজেণ্টক গোপনে বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

আৰু এই কাণ্ড পোহৰলৈ অহা পাছতে এতিয়া সমবায় সমিতিখনৰ ভিতৰ ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে।

কথা গাপ দিবলৈ এটা চক্ৰই উঠিপৰি লাগিছে। আনহাতে সমবায় সমিতিখনৰ আন কেইজন মান সদস্যই এই ঘটনাৰ উচিত তদন্ত কৰিব বাবে সভাপতি/ সম্পাদক এখন লিখিত আবেদন প্ৰদান কৰিছে।

বিভিন্ন সময়ত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ অহা লগতে শেহতীয়াকৈ দুখীয়া ৰাইজৰ চাউল এনেকৈ হৰলুকী কৰা কাৰ্য্য অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

মাৰ্ঘেৰিটা মহকুমাৰ বগা হাতীত পৰিণত হোৱা যোগান বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ চূড়ান্ত অকৰ্মণ্যতাৰ ফলত এনে ঘটনা সংঘটিত হবলৈ পাইছে বুলি অভিযোগ কৰাৰ লগতে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ এইক্ষেত্ৰত হস্তক্ষেপৰ দাবী তুলিছে স্থানীয় ৰাইজে।

এইক্ষেত্ৰত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।