নিৰ্বিকাৰ পৰিৱেশ মন্ত্ৰী : ৰথযাত্ৰাৰ বাবে কাটি পেলোৱা হ’ব ৫৪০ বছৰীয়া পুৰঠ গছ
অহা বছৰৰ পৰা দীঘাত আৰম্ভ হ’ব জগন্নাথ ৰথ যাত্ৰা। এই যাত্ৰাৰ বাবে জগন্নাথ দেৱৰ মন্দিৰলৈ নিৰ্মাণ কৰা হ’ব এটি পথ। কিন্তু এই পথটো নিৰ্মাণৰ বাবে কাটি পেলোৱা হ’ব এজোপা ৫৪০ বছৰীয়া গছ।
এই গছোজোাপা কাটিবলৈ ইতিমধ্যে বন বিভাগে অনুমতি প্ৰদান কৰিছে।
ইতিমধ্যেই দীঘাত কাটি পেলোৱা হৈছে শাৰী শাৰীকৈ গজি থকা মনোমোহা ঝাওবন। সাগৰৰ পাৰত থকা প্ৰাকৃতিক সৌন্দৰ্য নষ্ট কৰি নিৰ্মাণ কৰা হৈছে ডাঙৰ ডাঙৰ হোটেল।
জানিব পৰা মতে, দীঘা ৰে’লৱে ষ্টেচনৰ সমীপৰ জগন্নাথ মন্দিৰৰ কিছু আগত ২১ বৰ্গমিটাৰ এলেকাত থকা গছবোৰ কাটি পেলোৱা হ’ব।
দীঘা-শংকৰপুৰ উন্নয়ন ব’ৰ্ডৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে বন বিভাগে এই গছবোৰ কটাৰ অনুমতি প্ৰদান কৰিছে।
জানিব পৰা মতে অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব গছ কটা।
অৱশ্যে ৰাজ্যৰ পৰিৱেশ মন্ত্ৰী গোলাম ৰাব্বানীয়ে কয় যে ইমানবোৰ গছ কটাৰ বিষয়ে তেওঁক অৱগত কৰা হোৱা নাছিল।
আনহাতে, পৰিৱেশ আন্দোলনৰ সৈতে জড়িত সুভাষ দত্তই কয় যে বন বিভাগে যদি গছ কটাৰ অনুমতি দি তেওঁলোকে যি বিচাৰে তাকে কৰিব নোৱাৰে। এই বিষয়ত ৰাষ্ট্ৰীয় পৰিৱেশ ন্যায়ালয়ৰ মনোযোগৰ বিষয়েও তেওঁ অৱগত কৰে।
পৰিৱেশ কৰ্মীৰ প্ৰশ্ন, মন্দিৰ সম্পূৰ্ণ হ’বলৈ এতিয়াও ৪-৫ মাহ বাকী আছে। গতিকে গছ কাটিবলৈ ইমান লৰালৰি কিয়?