বিদেশী জাহাজলৈ পতা ফান্দত পৰি মৃত্যু ৫৫ চীনা নৌ-সেনা! ব্ৰিটেইনৰ চাঞ্চল্যকৰ দাবী

প্ৰতিনিধিত্বমূলক ফ'টো : উৎস-AFP

চীনৰ মূল ভূখণ্ড আৰু কোৰিয়ান উপদ্বীপৰ মাজত অৱস্থিত য়েল্ল’ ছিত বিদেশী জাহাজৰ বাবে ডিজাইন কৰা ফান্দত আৱদ্ধ হৈ প্ৰাণ হেৰুৱাইছে চীনৰ নৌ সেনাৰ ৫৫ গৰাকী সেনাই। এই চাঞ্চল্যকৰ দাবী কৰিছে ব্ৰিটেইনৰ এক গোপনীয় চোৰাংচোৱা প্ৰতিবেদনে।

এই চোৰাংচোৱা প্ৰতিবেদনৰ দাবী অনুসৰি, চীনা ছাবমেৰিনখন বিদেশী জাহাজৰ বাবে পতা ‘চেইন এণ্ড এংকৰ’ ফান্দৰ সন্মুখীন হয়। ইয়াৰ ফলশ্ৰুতিত ছাবমেৰিনখনৰ অক্সিজেন ব্যৱস্থাত হোৱা বিজুতিৰ বাবে সেনা বিষয়া-জোৱানসকলৰ মৃত্যু হয় বুলি দাবী কৰা হৈছে।

নিহত লোকসকলৰ ভিতৰত চীনৰ পিএলএ নৌসেনাৰ চাবমেৰিন ‘০৯৩-৪১৭’ৰ কেপ্তেইন আৰু আন ২১জন বিষয়া আছে বুলিও দাবী কৰা হৈছে প্ৰতিবেদনখনত। যোৱা ২১ আগষ্টত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

প্ৰতিবেদন মতে, ২১ আগষ্টত স্থানীয় সময় অনুসৰি ০৮:১২ বজাত য়েল্ল’ ছিত অভিযানৰ সময়ত দুৰ্ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ ফলত ২২ জন বিষয়া, ৭ জন অফিচাৰ কেডেট, ৯ জন তলৰ পৰ্যায়ৰ বিষয়া আৰু ১৭ জন নাৱিকসহ মুঠ ৫৫ জন ক্ৰু মেম্বাৰৰ মৃত্যু হয়।

ইফালে ব্ৰিটেইনৰ এই চোৰাংচোৱা প্ৰতিবেদনৰ দাবী অস্বীকাৰ কৰিছে চীনে। বেইজিঙে এই ঘটনাৰ দাবীক সম্পূৰ্ণ মিছা বুলি উলাই কৰিছে আৰু টাইৱানেও ইণ্টাৰনেটৰ বাতৰি অস্বীকাৰ কৰিছে।