সুৰক্ষিত গো, অসুৰক্ষিত মানুহ..! গো মাংস নিয়াৰ সন্দেহত মুছলমান ব্যক্তিক মৰিয়াই হত্যা

Man Lynched On Suspicion Of Carrying Beef

গো ৰাজনীতিৰ ভয়ংকৰ পৰিণতিত পুনৰ প্ৰাণ হেৰুৱাইছে এগৰাকী ব্যক্তিয়ে। এইবাৰ স্বয়ম্ভু গো-ৰক্ষকৰ প্ৰহাৰত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বিহাৰৰ এগৰাকী ব্যক্তিয়ে। ৰাজ্যখনৰ ছিৱান জিলাত এগৰাকী মুছলমান লোকক গো-মাংস লগত নিয়াৰ সন্দেহত একাংশ লোকে নৃশংসভাৱে প্ৰহাৰ কৰাৰ ফলত ব্যক্তিগৰাকীৰ মৃত্যু হয়।

মৃত ব্যক্তিগৰাকীক নাছিম কুৰেছি বুলি চিনাক্ত কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি, হাছানপুৰ গাঁৱৰ বাসিন্দা ৫৬ বৰ্ষীয় নাছিম কুৰেছি আৰু তেওঁৰ ভতিজা ফিৰোজ আহমেদ কুৰেছিয়ে তেওঁলোকৰ চিনাকি কোনো লোকক লগ কৰাৰ উদ্দেশ্যে যাত্ৰা কৰিছিল।

কিন্তু যাত্ৰাৰত অৱস্থাতে পাটনাৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত যোগিয়া নামৰ এখন গাঁৱত একাংশ লোকে দুয়োগৰাকীকে আগচি ধৰে। দুয়োগৰাকীয়ে লগত গো-মাংস নিয়া বুলি দাবী কৰি উত্তেজিত লোকসকলে তেওঁলোকক অপদস্থ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এনে পৰিস্থিতিৰ মাজতে ফিৰোজ কুৰেছিয়ে পলায়ন কৰিবলৈ সক্ষম হয় যদিও উত্তেজিত লোকসকলে নাছিম কুৰেছিক লাঠিৰে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে। এনে নৃশংস আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কুৰেছিক আক্ৰমণকাৰী দলটোৱে পিছত মুমূৰ্ষ অৱস্থাত আৰক্ষীৰ হাতত গতাই দিয়ে।

আৰক্ষীয়ে ততাতৈয়াকৈ নাছিম কুৰেছিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। আনহাতে ফিৰোজ আহমেদ কুৰেছিৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে স্থানীয় গাঁওপ্ৰধান সুশীল সিং আৰু ৰবি সাহ, উজ্জল শৰ্মা নামৰ আন দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

ফিৰোজ আহমেদ কুৰেছিয়ে অভিযোগত উল্লেখ কৰা আন দুগৰাকী ব্যক্তিৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে। ইফালে হত্যাৰ বলি হোৱা নাছিম কুৰেছিয়ে লগত গো-মাংস নিছিল নেকি, সেই বিষয়তো তদন্ত চলোৱা হৈছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।