NORTHEAST NOW (Assamese)

মেঘালয়ত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬১ গৰাকীলৈ বৃদ্ধি

October 10, 2020 9:56 am · এন ই নাও নিউজ

শনিবাৰে শ্বিলঙৰ এখন চিকিৎসালয়ত এগৰাকী ৫৬ বছৰীয়া মহিলাই কোভিড-১৯ৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাই।

ইয়াৰ ফলত মেঘালয়ত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬১ গৰাকীলৈ বৃদ্ধি পায়।

মেঘালয়ৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক সঞ্চালক ড০ অমান ৱাৰে জনোৱা অনুসৰি পশ্চিম খাচী পাহাৰীয়া জিলাখনৰ মহিলা গৰাকীয়ে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবেই মৃত্যু হয় বুলি উল্লেখ কৰে।

ৱাৰে লগতে মহিলা গৰাকীয়ে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে বুলিও সদৰী কৰে।

বিগত ২৪ ঘণ্টাত মেঘালয়ত নতুনকৈ ১২৭ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় যাৰ ফলত ৰাজ্যখনত ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা ২৪২৪ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, বিগত ২৪ ঘণ্টাত ৭১ গৰাকী ক’ৰ’না সংক্ৰমিত লোকে চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰে।

নতুনকৈ ক’ৰ’না সংক্ৰমিত হোৱা লোক সকলৰ ভিতৰত পূৱ খাচী পাহাৰীয়া জিলাৰ ৯৫ গৰাকী, পশ্চিম গাৰো পাহাৰীয়া জিলাৰ ১৩ গৰাকী, ৰি-ভই জিলাৰ ৮ গৰাকী, দক্ষিণ গাৰো পাহাৰীয়া জিলাৰ ৫ গৰাকী, উত্তৰ গাৰো পাহাৰীয়া জিলাৰ ৪ গৰাকী আৰু পশ্চিম জয়ন্তীয়া পাহাৰীয়া জিলাৰ ২ গৰাকী লোক।

Related News