যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ছুমি চহৰত আবদ্ধ অসমৰ ৫৭ গৰাকী শিক্ষাৰ্থী

উদ্ধাৰৰ আহ্বানেৰে কেন্দ্ৰীয় বৈদেশিক দপ্তৰৰ মন্ত্ৰী জয়শংকৰলৈ পত্ৰ সাংসদ অজিত কুমাৰ ভূঞাৰ

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই এতিয়া বিপদাপন্ন কৰি তুলিছে ইউক্ৰেইনলৈ অধ্যয়ন তথা কৰ্ম সংস্থাপন লাভৰ উদ্দেশ্যে যোৱা বহু ভাৰতীয় লোকৰ জীৱন।

ভাৰত চৰকাৰে ‘অপাৰেছন গংগা’ৰ জৰিয়তে যুদ্ধ বিধ্বস্ত দেশ খনৰ পৰা বহু ভাৰতীয় লোকক ভাৰতলৈ ওভতাই আনিছে যদিও এতিয়াও অসমৰ বহু ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনত আবদ্ধ হৈ আছে।

ইউক্ৰেইনৰ উত্তৰ-পূব অংশত অৱস্থিত ছুমি চহৰত এতিয়াও আবদ্ধ হৈ আছে অসমৰ ৫৭ গৰাকী ছাত্ৰ-ছাত্ৰী।

অসমৰ এইসকল ছাত্ৰ-ছাত্ৰীক নিজৰ দেশলৈ ওভতাই অনাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ তৰফৰ পৰা এতিয়াও বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

বিষয়টোত সেয়ে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। ইউক্ৰেইনৰ ছুমি চহৰত আবদ্ধ হৈ থকা অসমৰ ৫৭ গৰাকী শিক্ষাৰ্থীক সুকলমে উদ্ধাৰ কৰিবলৈ আহ্বান জনাই সাংসদ ভূঞাই কেন্দ্ৰীয় বৈদেশিক দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰলৈ এখন পত্ৰ লিখিছে।

পত্ৰ খনত সাংসদ ভূঞাই এইবুলি উল্লেখ কৰিছে যে ছুমি চহৰত গুলী-বাৰুদৰ মাজতে অসমৰ ৫৭ গৰাকী শিক্ষাৰ্থীয়ে অনিশ্চিত জীৱন কটাই আছে। ৫৭ গৰাকী শিক্ষাৰ্থীৰ মাজৰে ৪৭ গৰাকীয়ে ছুমি নেছনেল ইউনিভাৰ্চিটিত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছে।

 

বাকীসকলে দেশ খনৰ আন স্থানত অধ্যয়ন কৰি আছে বুলি পত্ৰ খনত সাংসদগৰাকীয়ে উল্লেখ কৰিছে। অসমৰ ছাত্ৰ-ছাত্ৰীসকলে দেশলৈ উভতি অহাৰ উদ্দেশে বৈদেশিক দপ্তৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি নিজৰ নাম আদি পঞ্জীয়ন কৰিছে যদিও তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি সাংসদ ভূঞাই উল্লেখ কৰিছে।

সাংসদগৰাকীয়ে ছুমি চহৰত আবদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থীসকলৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰাৰ কথা উল্লেখ কৰি কৈছে যে সম্প্ৰতি ছাত্ৰ-ছাত্ৰীসকলে খাদ্য আৰু পানীৰ অভাৱত ভুগিছে।

সাংসদ ভূঞাই যথাসম্ভৱ শীঘ্ৰে ছুমি চহৰত আবদ্ধ হৈ পৰা অসমৰ ৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীক দেশলৈ ওভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৈদেশিক দপ্তৰৰ মন্ত্ৰী জয়শংকৰক আহ্বান জনাইছে।