বিশ্ব গঁড় দিৱসৰ দিনাই ৰায়মোনাত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পন, জমা দিলে ৪০ টা বন্দুক
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ ৰাইমোনাত আজি বিশ্ব গঁড় দিৱসৰ দিনা ৫৭ গৰাকী চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰাৰ লগতে অস্ত্ৰ সম্বৰণকৰে ৷
ৰাইমোনা ৰাজহুৱা প্ৰেক্ষাগৃহ প্ৰাঙ্গণত ৰাইমোনা গোল্ডেন লেংগুৰ ইকো-টুৰিজম চছাইটিৰ(আৰ জি ই এছ) উদ্যোগত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচি প্ৰধান প্ৰমোদ বড়ো ৷
উল্লেখ্য যে কচুগাঁও বনাঞ্চলক ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানৰ আন্ত:গাথনি উন্নয়নৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে ৷
তেনে ক্ষেত্ৰত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘ দিনৰ পৰা জীৱ জন্তু চিকাৰ কৰি জীবিকা নিৰ্বাহ কৰা চিকাৰী সকলক মূল সূঁতিলৈ অনাৰ যত্ন কৰা হৈছে ৷
ৰাষ্ট্ৰীয় উদ্যানৰ স্বাৰ্থত বিটিচি চৰকাৰ তথা আৰ জি ই এছৰ আহ্বান মৰ্মে আজি ৫৭ গৰাকী চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰাৰ লগতে তেওঁলোকৰ লগত থকা অস্ত্ৰ সমপৰ্ণ কৰে ৷
চোৰাং চিকাৰী সকলে ৪০ টা বন্দুক,গুলি,বাৰুদ অৰ্পণ কৰাৰ লগতে হৰিণাৰ শিং আৰু হাতীৰ দাঁত অৰ্পণ কৰে ৷
বিটিচি প্ৰধান গৰাকীয়ে কয় যে বিটিচিৰ চৰকাৰৰ আহ্বান মৰ্মে চোৰাং চিকাৰী সকল মূল সূতিলৈ আহিছে ৷
চোৰাং চিকাৰীৰ এই পদক্ষেপক বিটিচি চৰকাৰে আদৰণি জনাইছে ৷ চোৰাং চিকাৰী সকলক সংস্থাপনৰ ক্ষেত্ৰত প্ৰাথমিক ভাবে ৫০ হেজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয়।
পৰৱৰ্তী সময়ত সকলোকে স্থায়ী সংস্থাপনৰ ব্যবস্থা কৰা হব বুলি বিটিচি প্ৰধান গৰাকীয়ে প্ৰকাশ কৰে ৷