দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

a 5g

মোবাইল ফোনৰ নেটৱৰ্কৰ উন্নীতকৰণৰ কাম দেশত যুদ্ধাকালিন তৎপৰতাৰে চলি আছে।

ভাৰতত 5G নেটৱৰ্কৰ আৰম্ভনি কৰাৰ বাবে কেইবাটাও টেলিকম কোম্পানীয়ে প্ৰতিযোগিতামূলক ভাবে কাম চলাই গৈছে।

অৱশেষত এয়াৰটেলৰ প্ৰচেষ্টাত দেশৰ এখন চহৰত প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল 5G নেটৱৰ্ক।

5G নেটৱৰ্কৰ প্ৰথম সুবিধা লাভ কৰা চহৰ খন হৈছে প্ৰযুক্তিৰ চহৰ হায়দৰাবাদ।

এয়াৰটেলে আজিৰে পৰা হায়দৰাবাদ চহৰত আৰম্ভ কৰিছে 5G নেটৱৰ্কৰ সেৱা।

ফলত যিকোনো চিনেমা আদি মোবাইল ফোনৰ ব্যৱহাৰকাৰীয়ে এতিয়া মাত্ৰ কেই ছেকেণ্ডমানৰ ভিতৰতে ডাউনলোড কৰিবলৈ সক্ষম হ’ব।

5G নেটৱৰ্কৰ ফলত নেটৰ গতিবেগ পূৰ্বৰ তুলনাত ১০ গুণ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।

এয়াৰটেলে এৰিকছনৰ সৈতে লগলাগি দেশত 5G নেটৱৰ্কৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছে।

এয়াৰটেলৰ মুখ্য কাৰ্যবাহী বিষয়া গোপাল ভিট্টালে প্ৰকাশ কৰা মতে ভাৰতৰ টেলিকম দপ্তৰে অনুমতি প্ৰদান কৰিলে কোম্পানীটোৱে দেশৰ অন্যান্য প্ৰান্ততো 5G নেটৱৰ্কৰ সেৱা অহা এমাহৰ ভিতৰতে প্ৰদান কৰিবলৈ সাজু আছে।

দেশৰ যোগাযোগৰ ক্ষেত্ৰ খনত 5G নেটৱৰ্ক ব্যৱস্থাৰ আৰম্ভনি ঘটিলে ইণ্টাৰনেটৰ জৰিয়তে কৰা প্ৰতিটো কামেই অতি দ্ৰুত ভাবে কৰিব পৰা যাব।