কাইলৈৰ পৰা এছিয়ান গেইমছ; ভাগ ল’ব ৬গৰাকী অসম সন্তানে : ২০০, ৪০০ মিটাৰত হিমাৰ সময় মানৰ আগত আছে মাত্ৰ দুগৰাকী খেলুৱৈ

assian games

কাইলৈৰ পৰা ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু পালেমবাঙত ১৫ দিন ধৰি চলিব লগীয়া এছিয়াৰ দেশবিলাকৰ মাজৰ শ্ৰেষ্ঠ আৰু বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতা অষ্টাদশ (১৮ সংখ্যক) এছিয়ান গেইমছত ভাৰতৰ হৈ পদকৰ বাবে অসমৰ ৬জনকৈ খেলুৱৈয়ে যুঁজ দিব। ৪০বিধ ক্ৰীড়াৰ মুঠ ৪৬২টা বিভিন্ন শিতানত হ’ব লগীয়া গৌৰৱময় প্ৰতিযোগিতাখনত অসমৰ পৰা এইবাৰেই সৰ্বাধিক সংখ্যক প্ৰতিযোগীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছে।

প্ৰতিযোগিতাখনত খেলিবৰ বাবে অসমৰ যোৱা প্ৰতিযোগীসকল হ’ছে ক্ৰমে-

এছিয়ান গেইমছত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ ওপৰত এইবাৰ দৃষ্টি থাকিব সমগ্ৰ দেশৰে। বিশেষকৈ হিমাৰ ওপৰত এতিয়া দেশবাসীৰ মনোযোগ কেন্দ্ৰীভূত হোৱাৰ সম্ভাৱনা আছে। কাৰণ তেওঁ অলপতে ফিনলেণ্ডত অনুষ্ঠিত বিশ্ব জুনিয়’ৰ এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ ৪০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰি দেশবাসীক গৌৰৱিত কৰিছিল।

কাইলৈৰ পৰা হ’ব লগীয়া এছিয়ান গেইমছতো হিমা আছে দেশৰ হৈ পদক প্ৰত্যাশীসকলৰ ভিতৰত শীৰ্ষত। হিমাই ২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত ভাগ ল’ব।

২০০ মিটাৰৰ ক্ষেত্ৰত হিমাৰ ব্যক্তিগত শ্ৰেষ্ঠ সময়মান হ’ল ২৩.১০ ছেকেণ্ড আৰু ৪০০ মিটাৰত ৫১.১৩ ছেকেণ্ড। এই সময় মানতকৈ মাত্ৰ বাহৰেইন আৰু চীনৰ খেলুৱৈৰহে সময়মান সামান্য উন্নত।

২০০ মিটাৰত হিমাতকৈ সময় মানৰ দিশেদি আগত আছে চীনৰ ৱেই ৱংলি(Wei Yongli) আৰু বাহৰেইনৰ ছালৱা ইদ নাছীৰ, যি দুগৰাকীৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় হ’ল ক্ৰমে ২২.৯৭ ছেকেণ্ড আৰু ২৩.০৩ ছেকেণ্ড।

আনহাতে ৪০০ মিটাৰত হিমাতকৈ সামান্য আগত আছে বাহৰেইনৰ ছালৱা ইদ নাছীৰ (Salwa Eid Naser Naser), যাৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় হ’ল ৪৯.০৮ ছেকেণ্ড। অৱশ্যে সময় মানত সমকক্ষ নহ’লেও হিমাক প্ৰত্যাহ্বান জনাব পাৰে শ্ৰীলংকাৰ খেলুৱৈয়েও।

হিমাৰ পিছতে পদক জয়ৰ আশা আছে মহিলা আৰ্চাৰ প্ৰমীলা দৈমাৰীৰ। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কেইবাবাৰো জিলিকি উঠা উদীয়মান খেলুৱৈগৰাকীয়ে ৰিকাৰ্ভ শাখাত যোৱা মাৰ্চত বেংককত অনুষ্ঠিত এছিয়া কাপ ৱৰ্ল্ড ৰেংকিং আৰ্চাৰী টুৰ্নামেণ্টত স্বৰ্ণ জয় কৰিছিল। তেওঁৰ বৰ্তমানৰ বিশ্ব ৰেংক ৩০।

আনহাতে বক্সাৰ শিৱ থাপাৰো আছে আশা। আশা দেখুৱাইছে বেডমিণ্টনৰ নতুন ৰাষ্ট্ৰীয় চেম্পিয়ন অস্মিতা বৰুৱায়ো। প্ৰতিযোগিতাখনলৈ আগ্ৰহ আৰু সংকল্প লৈ যোৱা ৰদালি বৰুৱা আৰু কবিতা দেৱীৰ চমক দেখা পোৱাটো হ’ব আমাৰ বাবে বোনাছ স্বৰূপ।

এই খিনিতে উল্লেখ কৰিব পাৰি যে এইবাৰ পৰীক্ষামূলকভাৱে এছিয়ান গেইমছত প্ৰথমবাৰৰ বাবে ই-স্প’ৰ্টছ অন্তৰ্ভুক্ত কৰিছে। এই শিতানত হ’ব ভিডিঅ’ গেইছৰ প্ৰতিযোগিতা। অৱশ্যে নতুন শিতানটোত এইবাৰ অসমৰ কোনো খেলুৱৈ নাথাকিলেও পৰৱৰ্তী এছিয়ান গেইমছত আমি আশা কৰিব পাৰো।