হাৰিয়ানাত শোকাৱহ ঘটনাঃ পথৰ ওপৰত বাগৰি পৰিল স্কুল বাছ, ছয় শিশুৰ মৃত্যু

Schoolbus Overturns In Haryana

হাৰিয়ানাৰ নৰনাউলত আজি পুৱা সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। এখন ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাছ পথত বাগৰি পৰাৰ ফলত ছয়টি শিশুৰ মৃত্যু হোৱাৰ লগতে ২০টি শিশু আহত হয়।

জিলা প্ৰশাসনৰ তথ্য অনুসৰি আহত ১২ গৰাকী ছাত্ৰ-ছাত্ৰীক স্থানীয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। আনহাতে সংকটজনক অৱস্থাত আন দুজনক ৰোহটক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

বাছখনত প্ৰায় ৪০ টা শিশু আছিল বুলি জানিব পৰা গৈছে। ঈদ-উল-ফিতৰৰ বন্ধ থকাৰ পিছতো বিদ্যালয়খন কাৰ্যক্ষম হৈ আছিল বুলি স্থানীয় প্ৰশাসনিক বিষয়াসকলে জানিবলৈ দিয়ে।

জিলা শিক্ষা বিষয়াগৰাকীয়ে সদৰী কৰা মতে, প্ৰাথমিক তদন্তৰ অন্তত বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে। চালকজনে মদ্যপান কৰি আছিল বুলিও তেওঁ লগতে সন্দেহ প্ৰকাশ কৰে।

এই বিষয়ত তদন্তৰ বাবে চালকজনৰ চিকিৎসা পৰীক্ষা কৰা হৈছে বুলি স্থানীয় এগৰাকী উচ্চপ্ৰদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিছে। ইফালে ছয়বছৰ পূৰ্বে, অৰ্থাৎ ২০১৮ চনতে বাছখনৰ ফিটনেছ চাৰ্টিফিকেটৰ ম্যাদ শেষ হৈছিল বুলি পোহৰলৈ আহিছে।

এই দুৰ্ঘটনাক লৈ এতিয়া আৰক্ষীয়ে বিদ্যালয় কৰ্তৃপক্ষক জেৰা অব্যাহত ৰাখিছে। দুৰ্ঘটনাস্থলীলৈ যোৱাৰ পথত বাইকখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এজন ছাত্ৰৰ পিতৃ-মাতৃও আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।