লক্ষ্ণৌৰ হোটেলত ভয়াৱহ অগ্নিকাণ্ড: ছয়গৰাকী নিহত, আহত কেইবাগৰাকীও

Lucknow hotel fire

উত্তৰ প্ৰদেশৰ ৰাজধানী চনৰ লক্ষ্ণৌৰ হজৰতগঞ্জ এলেকাস্থিত লেভানা নামৰ এখন হোটেলত আজি পুৱাৰ ভাগত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ঘটনাত ৬ গৰাকী লোক নিহত হোৱাৰ উপৰিও ১০ জনতকৈ অধিক লোক আহত হৈছে।

লক্ষ্ণৌ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ঘটনাৰ খবৰ পোৱাৰ পাছতে স্থানীয় আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী আৰু তিনিখন এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয়।

তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযানত নামি পৰা সুৰক্ষা বাহিনীৰ কৰ্মীয়ে এতিয়ালৈকে প্ৰায় ১৫ জন লোকক উদ্ধাৰ কৰিছে। আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি ঘটনাস্থলীত থকা এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

লক্ষ্ণৌ উন্নয়ন কৰ্তৃপক্ষই কেইদিনমান পূৰ্বে হোটেল লেভানাৰ বিৰুদ্ধে জাননী জাৰি কৰিছিল বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুৰ্ঘটনাত আহত লোকসকলক সঠিক চিকিৎসা প্ৰদানৰ বাবে জিলা প্ৰশাসনৰ বিষয়াসকলক কৰিবলৈ নিৰ্দেশ দিছে।

লগতে জিলা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এক টুইটযোগে স্থানীয় প্ৰশাসনৰ পৰা পৰিস্থিতিৰ বিষয়ে খবৰ লয় বুলি জানিবলৈ দিয়াৰ লগতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰে।