NORTHEAST NOW (Assamese)

পাটনা ৰেলৱে ষ্টেচনৰ সমীপৰ হোটেলত অগ্নিকাণ্ড; ৬ জনৰ মৃত্যু

April 25, 2024 4:10 pm · এন ই নাও নিউজ, গুৱাহাটী

বৃহস্পতিবাৰে পাটনা জংচন ৰেলৱে ষ্টেচনৰ ওচৰৰ এখন হোটেলত সংঘটিত হোৱা অগ্নিকাণ্ডত কমেও ৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। উদ্ধাৰ অভিযান অব্যাহত থকাৰ সময়তে ২০ জনতকৈ অধিক লোকক নিৰাপদ স্থানলৈ অনা হয়।

লগতে পঢ়ক: IPLত ভাল খেলিলেও বহু ভাৰতীয় ক্ৰিকেটাৰৰ স্থান নাথাকিব টি-২০ বিশ্বকাপত; কাৰ নাম আছে চৰ্চাত? জানো আহক

ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হোৱা হোমগাৰ্ড আৰু অগ্নিনিৰ্বাপক বাহিনীৰ ডিজি শ্বোভা ওহাটকাৰে সাংবাদিকৰ আগত কয় যে, “আমি ১৬ হাজাৰৰো অধিক হোটেলৰ অগ্নিনিৰ্বাপনাৰ অডিট কৰিছো আৰু এতিয়াও চলি আছে। অগ্নিনিৰ্বাপনা অডিটত তেওঁলোকক নিৰ্দিষ্ট নিৰ্দেশনা দিয়া হয়। কিছুমান হোটেলে এই নিয়মসমূহ অনুসৰণ কৰে আৰু আন কিছুমানে নিৰ্দেশনা মানি চলাৰ পৰা বিৰত থাকে৷”

লগতে পঢ়ক: বিজেপিয়ে বিতৰণ কৰিছে ‘ভুৱা’ অৰুণোদয় প্ৰ-পত্ৰ; দাবী কংগ্ৰেছৰ গুৱাহাটী লোকসভাৰ প্ৰাৰ্থীৰ

আৰক্ষীয়ে কয় যে, “আমি পুৱা ১১ বজাৰ ওচৰত তথ্য লাভ কৰা অগ্নিকাণ্ডক নিয়ন্ত্ৰণলৈ আনিছোঁ।অগ্নিকাণ্ডৰ সঠিক কাৰণ সঠিক তদন্তৰ জৰিয়তে নিৰ্ণয় কৰা হ’ব, আৰু ইয়াৰ পাছত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

Related News