১৪ বছৰীয়া সতীয়া কন্যাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ধুবুৰীৰ এগৰাকী ৬০ বছৰীয়া লোক

Dhubri-rapist-1-750x375

সতীয়া কন্যাক ধৰ্ষণ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ধুবুৰীৰ এগৰাকী ৬০ বছৰীয়া লোক।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ধুবুৰী চাইল্ড ৱেলফেয়াৰ কমিটি(CWC)ৰ অধ্যক্ষা চাবিনা বেগম আৰু চাইল্ডলাইনৰ সমন্বয়ক চাহিনুৰ ইছলামসহ এটা দলে আৰক্ষীৰ সহযোগত সোমবাৰে পুৱা ভাগত ভুক্তভোগী কিশোৰী গৰাকীক উদ্ধাৰ কৰিছে।

বিশেষ উৎসৰ পৰা পোৱা খবৰ সূত্ৰে যৌথ অভিযানকাৰী দলটোৱে ভুক্তভোগী কিশোৰী গৰাকী উদ্ধাৰ কৰে।

অভিযোগৰ মতে সতীয়া পিতৃগৰাকীয়ে কিশোৰী গৰাকীক শৰীৰিক সম্পৰ্ক স্থাপনত সন্মত নহ’লে তাইৰ মাতৃৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ ভাবুকি দি আহিছিল।

আনহাতে কবিৰাজী কৌশল ব্যৱহাৰ কৰিও সতীয়া পিতৃগৰাকীয়ে কিশোৰী গৰাকীক যোৱা বছৰত অসংখ্যবাৰ ধৰ্ষণ কৰাৰ বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

“প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ পিছত ভুক্তভোগী কিশোৰী গৰাকীক শিশু আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে।” চাইল্ডলাইনৰ সমন্বয়ক চাহিনুৰ ইছলামে সংবাদ মাধ্যমৰ আগত কয়।    .

“ধুবুৰী আৰক্ষীয়ে এটা গোচৰ(কেচ নং.১৫৯৭/২০২০) পঞ্জীয়ন কৰি অভিযুক্ত লোকজনক ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ আৰু ৩৭৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত ধুবুৰী জিলা ফিছাৰী উন্নয়ন কাৰ্যালয়ৰ অৱসৰ ল’বলগীয়া এগৰাকী কৰ্মচাৰী।” এগৰাকী আৰক্ষী বিষয়াই কয়।